স্বাস্থ্য প্ৰতিবেদন:
ফাংচনেল ডিস্পেপচিয়া:
এই ৰোগটি সাধাৰণতে এটি পেটৰ ৰোগ। পেটত দীর্ঘ সময় ধৰি বিষ অথবা অজান কাৰণত অস্বস্তি ইত্যাদি সমস্যাবোৰক চিকিৎসা বিজ্ঞানৰ ভাষাত ফাংচনেল ডিস্পেপচিয়া বোলা হয়। বর্তমান দিনত বেছিভাগ মানুহেই এই সমস্যাবোৰৰ সম্মুখীন হয়৷ সমস্যাবোৰৰ পৰা কেনেদৰে মুক্তি পোৱা যাব সেয়া বহুতেই হয়তো নাজানে। আহক জানি লওঁ এই সমস্যাৰ পৰা মুক্তি পোৱাৰ কিছু সহজ উপায়।
১। যিবোৰ খাদ্য খালে এই সমস্যাবোৰ দেখা দিব পাৰে সেইবোৰ খাদ্য এৰাই চলাৰ চেষ্টা কৰক।
২। বাৰে বাৰে খাওক, কম পৰিমাণত খাওক আৰু লাহে লাহে চোবাই খাদ্য খোৱা ইত্যাদি অভ্যাসবোৰ কৰাৰ চেষ্টা কৰক।
৩। ধূমপান, চুইংগাম, কল্ডড্রিংছ ইত্যাদি খাদ্যবোৰ এৰাই চলক৷ কাৰণ এইবোৰ আমাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক।
৪। দুশ্চিন্তা আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। সেয়ে দুশ্চিন্তাৰ পৰা আঁতৰত থাকক, যিমান পাৰে নিজকে সতেজ ভাবত ৰখাৰ চেষ্টা কৰক। ইয়াৰ বাবে ৰিলেক্সেচন থেৰাপি, ব্যায়াম ইত্যাদি কৰিব পাৰে। ইয়াৰ পৰা উপকাৰ পাব। কিন্তু খাদ্য খোৱাৰ পিছত ব্যায়াম নকৰিব।
৫। শৰীৰক আৰাম দিয়া প্ৰয়োজন। সেয়ে নিজৰ শৰীৰক পর্যাপ্ত পৰিমাণে আৰাম দিয়ক।
৬। খাদ্য খোৱাৰ পিছতে শুই নাযাব। অন্তত দুই ঘণ্টাৰ ভিতৰততো নহয়ে।
৭। ওজন নিয়ন্ত্রণত ৰাখক।