স্বাস্থ্য প্ৰতিবেদন:
মাছৰ তেলৰ গুণাগুণ:
১) মাছৰ তেলে হৃদপিণ্ডৰ বাবে যথার্থ পুষ্টি যোগায়। যিসকলে নিয়মিত মাছ খায় তেওঁলোকৰ হার্টৰ সমস্যাৰ সম্ভাৱনা কম। মাছৰ তেলত আছে ভাল কোলেষ্টেৰল। মাছৰ তেলে ৰক্তত ট্রাইগ্রিচাৰাইডৰ মাত্রা কমায়। ৰক্তচাপৰ সমস্যা কমাব পাৰে।
২) মাছৰ তেলে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাব পাৰে। ক’ৰোনাকালত অৱশ্যেই নিজৰ ৰোগ প্রতিৰোধ শক্তি বৃদ্ধি কৰা প্ৰয়োজন।
৩) ওমেগা থ্রি ফেটি এচিড হাড়ৰ স্বাস্থ্য ভালে ৰখাত অতি উপকাৰী। মাছৰ তেলে শৰীৰত ওমেগা থ্রি ফেটি এচিডৰ চাহিদা পূৰণ কৰে। সেয়ে হাড়ৰ স্বাস্থ্য বজাই ৰাখিব বিচাৰিলে এই তেল অতি কার্যকৰী।
৪) চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈও মাছৰ তেলে সহায় কৰে।
৫) উজ্জ্বল ছাল পাবলৈও মাছৰ তেল হ’ব পাৰে অন্যতম অস্ত্ৰ। এই তেলে ছালক নৰম কৰি ৰাখে। ছাল ভালে ৰাখিবলৈ বিচাৰিলে মাছ খাওক।
৬) ওমেগা থ্রি ফেটি এচিডে মানসিক অৱসাদ কমোৱাত সহায় কৰে। সেয়ে মিয়মিত মাছ খালে মন ভালে থাকিব।