স্বাস্থ্য প্ৰতিবেদন:
দীর্ঘায়ু হোৱাৰ ইচ্ছা বেছিভাগ মানুহৰেই থাকে। কিন্তু কেৱল দীর্ঘায়ু পালেই নহ’ব, তাৰ লগতে সুস্থভাবে জীয়াই থাকিবও লাগিব। সুস্থভাবে জীয়াই থকাৰ বাবে কি কৰিব? প্রথমতেই বাদ দিব লাগিব ধূমপানৰ অভ্যাস। কমাব লাগিব মদ্যপান।
ভালে ৰাখিব লাগিব মন। মানসিক চাপে আয়ুস কমাই দিয়ে। দীর্ঘায়ু লাভ কৰিবলৈ এইবোৰৰ লগতে খাদ্যাভ্যাসতো আনিব লাগিব পৰিৱৰ্তন। অতিৰিক্ত ভজা-পোৰা, মিঠা আৰু নিমখীয়া খাদ্যও বাদ দিব লাগিব। আৰু নিয়মমতে খাব লাগিব কেইবাটাও খাদ্য।
কোন কোন খাদ্যই বঢ়াব পাৰে আয়ুস? চাওক এই প্ৰতিবেদন।
• মৌ :
হৃদৰোগ আৰু কেন্সাৰৰ আশঙ্কা বহুখিনি কমাই দিব পাৰে মৌৱে। দৈনিক নিয়মিতভাৱে এক চামুচ খাঁটি মৌ খালে এই অসুখবোৰৰ আশঙ্কা বহুখিনি কমি যায়। স্তন, যকৃত আৰু অন্ত্রৰ কেন্সাৰৰ আশঙ্কা বহুখিনি কমে মৌ খালে। দীর্ঘ দিন সুস্থভাবে বাচি থাকিবলৈ সম্ভৱ ইয়াৰ প্রভাৱত।
• ছাগলীৰ গাখীৰ :
ছাগলীৰ গাখীৰতো এনে কিছু উপাদান আছে, যিবোৰে কেন্সাৰ প্রতিহত কৰাত সহায় কৰে। যিসকল মহিলাই নিয়মিত ছাগলীৰ গাখীৰ খায়, তেওঁলোকৰ স্তন কেন্সাৰৰ আশঙ্কা বহুখিনি কমি যায়। কিন্তু কিমান পৰিমাণৰ গাখীৰ খাব সেয়া চিকিৎসকৰ পৰা জানি লোৱা উচিত।
• বেদানা :
দীর্ঘায়ু লাভৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব পাৰে এই ফলে। ইয়াত থকা বিভিন্ন ভিটামিনে ৰোগ প্রতিৰোধ শক্তি বৃদ্ধিতো কৰেই, কিন্তু তাৰ লগতে আছে আৰু বহু গুণ। বেদানাই ৰক্তত হিমোগ্লোবিনৰ মাত্রা বঢ়ায়। বেদানাৰ কেইটামান উপাদানে পেশীৰ ক্ষয়ৰ পৰিমাণ বহুখিনি কমাব পাৰে।
ইয়াৰ উপৰি বার্ধক্যজনিত বিভিন্ন অসুখ, স্নায়ুৰ বিভিন্ন সমস্যাও কমাব পাৰে বেদানাৰ বহুকেইটা উপাদানে। ফলত নিয়মিত এটিকৈ বেদানা খালে বার্ধক্যৰ চাপ শৰীৰত কম পৰে।
• কাচকল :
দীর্ঘায়ু পাবলৈ নিয়মিত কাচকল খাওক। ইও ভাল কাম কৰে। ৰক্তচাপৰ কাৰণে বহুতেই হৃদৰোগৰ দৰে সমস্যাত আক্রান্ত হয়। কাচকল নিয়মিত খালে এই সমস্যা কমে। কাৰণ ইয়াৰ বিভিন্ন উপাদানে ৰক্তচাপ নিয়ন্ত্রণত ৰাখে। ইয়াৰ উপৰি কিডনিৰ কেন্সাৰ প্রতিহত কৰিব পাৰে কাচকলৰ কেইবাটাও উপাদানে।