অনুৰাগীসকলে অভিনেত্ৰী আলিয়া ভাটৰ আহিবলগীয়া ছবি “গঙ্গুবাই কাঠিয়াৱাড়ী” ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। শেহতীয়াকৈ, অভিনেত্ৰী কংগনা ৰাণাৱটে ছবিখনৰ লগতে আলিয়া ভাটক যথেষ্ট হাৰত সমালোচনা কৰিছিল। কংগনাই আলিয়াৰ উক্ত ছবিখনক বেয়া বুলি অভিহিত কৰে। মুক্তিৰ আগতেই কংগনাই ভৱিষ্যতবাণী দিছে যে, এই চিনেমাখন বক্স অফিচত ফ্লপ হ’বলৈ গৈ আছে। শেহতীয়াকৈ, আলিয়াই কংগনাৰ এই মন্তব্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে।
অলপতে আলিয়াই “গঙ্গুবাই কাঠিয়াৱাড়ী” ৰ নতুন গান “মেৰী জান”ৰ মুক্তিৰ বাবে কলিকতালৈ গৈছিল। যেতিয়া সংবাদ মাধ্যমই তেওঁক কংগনাৰ মন্তব্যৰ বিষয়ে সুধিছিল, তেওঁ শ্ৰীমদ্ভাগৱতৰ উদ্ধৃতি দি কৈছিল, “ভগৱান কৃষ্ণই গীতাত কৈছে – কৰ্ম কৰি যোৱা, ফলৰ বিষয়ে চিন্তা নকৰিবা”। আৰু মইও এয়াই ক’ব বিচাৰো।
উল্লেখ্য যে, কংগনাই আলিয়া আৰু গংগুবাই কাঠিয়াৱাড়ী ছবিখনক সমালোচনা কৰি কৈছিল যে যেতিয়ালৈকে চলচ্চিত্ৰ ক্ষেত্ৰখনত মুভী মাফিয়াৰ ক্ষমতা আছে, বলীউডৰ একো হ’ব নোৱাৰে।