![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰী গুলিচালনা ঘটনা তদন্ত অব্যাহত। দুৰ্বৃত্তৰ গুলিত নিহত অৱদেশ যাদৱৰ পৰিয়ালে পল্টনবজাৰ থানাত দাখিল কৰিছে এজাহৰ। সোমবাৰে নিশা দুৰ্বৃত্ত দলটোৱে এৰি থৈ যোৱা মটৰ চাইকেলখনৰ ভিত্তিত দৰং জিলাৰ ছিপাঝাৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে তিনিজনক। পল্টনবজাৰ আৰক্ষীয়ে ইছলাম আলি, আবাছ আলি আৰু আকাশ আলিক শুধাপোচা বাবে আটক কৰিছে। ইফালে নিহত ব্যৱসায়ী যাদৱক হত্যা কৰা বাবে দুৰ্বৃত্ত দলটোৱে ব্যৱহাৰ কৰিছিল পইণ্ট .২২ পিষ্টল।
আনহাতে, নিহত যাদৱৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিহাৰৰ ডব্লিউ যাদৱ নামৰ এগৰাকীয়ে চুপাৰি কিলাৰ লগাই হত্যা কৰা সন্দেহ। বিহাৰৰ সমষ্টিপুৰ জিলা চিমৰা গাঁৱৰ গাওঁবুঢ়া ডব্লিউ যাদৱ। উল্লেখ্য মৃত অৱদেশ সেই একেখন গাঁৱৰে আছিল। পৰিয়ালে অৱগত কৰা মতে পূৰ্বতে অৱদেশ যাদৱৰ দুই ভাতৃকো হত্যা কৰিছিল।দুই নিহত ভাতৃ ক্ৰমে ৰাম পর্বেজ আৰু নেৰেশ যাদৱ। তাৰে এজনক হানি খুচি হত্যা কৰিছিল। অন্যজনক অজ্ঞাত স্থানত হত্যা কৰিছিল। তাৰ পাছতেই যাদৱৰ পৰিয়ালে অভিযুক্ত ডব্লিউ যাদৱৰ বিৰুদ্ধে বিহাৰৰ বিথান থানাত এজাহৰ দাখিল কৰিছিল। তাত্পৰ্যপূৰ্ণ ডব্লিউ যাদৱ তিনি ভাতৃ আছে আৰু আটাইকেইটা চুপাৰি কিলাৰ- অৱদেশ যাদৱৰ পৰিয়ালৰ অভিযোগ।
এক সূত্ৰ খবৰ মতে সোমবাৰে ঘৰৰ পৰা ফোন কৰি অৱদেশ যাদৱক মাতি আনিছিল ঘাটকে। তাৰ পাছত শূন্য দূৰত্বৰ পৰা গুলিয়াই শূন্যলৈ গুলিচালনা কৰি ঘটনাস্থলী ত্যাগ কৰে। সেই মৰ্মে পৰিচিত লোকেই হ’ব পাৰে ঘাটক।
উল্লেখ্য যে অৱদেশ পৰিয়ালৰ উন্নতিত ডব্লিউ শত্ৰুতা বৃদ্ধি পাইছিল।মাটি বাৰী বাবেই হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।
আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয়- ঘটনাৰ যথেষ্ট ক্লু পোৱা গৈছে।শীঘ্ৰে গ্ৰেপ্তাৰ হব মূল অভিযুক্ত।দুৰ্বৃত্তই এৰি যোৱা মটৰ চাইকেলখনৰ লিংকৰ ভিত্তিত তিনিজন লোকক আটক কৰা হৈছে।













