নিউজ ডেক্স:
পশুখাদ্য কেলেঙ্কাৰী গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হ’ল আৰজেডি প্রধান লালু প্রসাদ যাদৱক। সোমবাৰে চিবিআই আদালতে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রীক এই শাস্তি দিয়ে। ইয়াৰ লগতে ৬০ লক্ষ টকাৰ জৰিমনাও বিহা হয় লালুক।
পশুখাদ্য কেলেঙ্কাৰীৰ ঘটনাত লালুৰ বিৰুদ্ধে এইটো আছিল পঞ্চম আৰু চূড়ান্ত গোচৰ। ডোৰাণ্ডা কোষাগাৰে এই গোচৰটোত লালুৰ বিৰুদ্ধে ১৩৯ কোটি ৩৫ লক্ষ টকা হৰলুকিৰ অভিযোগ আনিছিল।
পশুখাদ্যৰ বাবে আবণ্টিত পুঁজিৰ পৰা ধন হৰলুকিৰ পঞ্চম গোচৰটো আছিল ডোৰাণ্ডা কোষাগাৰ সংক্রান্তীয়।