ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বাদ-বিবাদ আৰম্ভ হৈছে ৷ আঞ্চলিক দল APHLC-এ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰাৰ বিৰোধিতা কৰিছে ৷ তেওঁলোকৰ দাবী পৰিষদে নিজাকৈ ভোটাৰ তালিকা প্ৰস্তুত কৰি নিজেই নিৰ্বাচন পাতিব লাগে ৷
আজি এক সংবাদ মেল পাতি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কোনো দলৰ নাম উল্লেখ নকৰাকৈ কয় যে ৰাজ্যপাল হ’ল সাংবিধানিক মুৰব্বী ৷ সেয়ে ৰাজ্যপালে যাৰ দ্বাৰা নিৰপেক্ষ নিৰ্বাচন হ’ব বুলি ভাবে সেই সংস্হাকে নিৰ্বাচন পৰিচালনাৰ দায়িত্ব দিয়ে ৷ লগতে পৰিষদৰ বিষয়াসকলৰ দৰমহা ৰাজ্য চৰকাৰে দিয়াৰ ফলত ২৮ কোটি টকা ৰাহি হ’ব আৰু সেই ধন উন্নয়ন মূলক কামত খৰছ কৰা হ’ব বুলি কয় ৷
ইয়াৰ দ্বাৰা পৰিষদৰ ক্ষমতা সংকুচিত হোৱাটো নুবুজায় ৷ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এনে অপপ্ৰচাৰ চলোৱা দল আৰু নেতাসকলক উন্নয়ন বিৰোধী বুলি অভিহিত কৰি কয় যে সেয়ে ৰাইজে এনে দলৰ এজনো লোকক আজিলৈকে কোনো নিৰ্বাচনতে জয়ী কৰোৱা নাই ৷