স্বাস্থ্য প্ৰতিবেদন:
দৈনিক বহুতৰে পাতত দৈ থাকে। বহুতেই আকৌ গাখীৰ খাবলৈ পছন্দ নকৰে। তেওঁলোকে বিকল্প হিচাবে দৈ খায়। টেঙা দৈত আছে প্রো-বায়োটিক উপাদান, উপকাৰী বেক্টেৰিয়া। যিবোৰে শৰীৰৰ ক্ষতিকাৰক বেক্টেৰিয়াক নিধন কৰি ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
ইয়াৰ উপৰি ভিটামিন এ, বি ৬, বি ফেট, কেলচিয়াম, ফছফৰাছসহ নানা পুষ্টিকৰ উপাদানেৰে ভৰপূৰ টেঙা দৈ। এই দৈয়ে শৰীৰত ক্ষতিকৰ বর্জ্য জমা হ’ব নিদিয়ে। দৈয়ে শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ লগতে হজম শক্তিও উন্নত কৰে। দৈ খালে বৰ্ধিত ওজন কমাৰ সম্ভাৱনা আছে।
কিন্তু টেঙা দৈ যিমান উপকাৰী তেনেদৰে খোৱাৰ সময়ত কিছু নিয়ম মানি চলাটো প্রয়োজন। যাৰ ফলত শৰীৰৰ ওপৰত অযথা বৰ্ধিত চাপ নপৰে।
১) দৈ গৰম কৰি খোৱাটো কেতিয়াও উচিত নহয়। দৈ গৰম কৰিলে উপকাৰী গুণবোৰ নষ্ট হৈ যায়।
২) ব্ৰেকফাষ্ট বা দুপৰীয়াৰ খাদ্যত দৈ খাব পাৰে। কিন্তু ৰাতি দৈ নোখোৱাই ভাল।
৩) প্রতি দিনে দৈ নোখোৱাই ভাল। এদিনৰ অন্তৰত দৈ খোৱাই ভাল। অৱশ্যে দৈনিক দৈ খোৱাৰ অভ্যাস থাকিলে দৈৰ লগত আন কিবা যেনে আখৰোট, কাজু বা কিচমিচ খাব পাৰে। কেতিয়াবা কল, আঙুৰ, বেদানাৰ দৰে স্বাস্থ্যকৰ ফলো খাব পাৰে।