![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনা চৰ্চা অব্যাহত থকা সময়তে এইবাৰ আলফা(স্বা) যোগদান দুগৰাকী যুৱতীৰ! গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)ত যোগদান কৰাৰ কথা বৃহস্পতিবাৰে পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি আলফাত যোগ দিয়াৰ সন্দেহ কৰা যুৱতী দুগৰাকী খাৰঘূলীৰ জয়পুৰৰ ক্ৰমে স্বৰস্বতী দাস আৰু ৰুমী ডেকা বুলি জানিব পৰা গৈছে।
গুৰুত্বপূৰ্ণ কথা যে যুৱতী দুগৰাকী ইতিমধ্যে আলফা(স্বা)ৰ শিবিৰত উপস্থিত হোৱা বুলিও এক খবৰ ওলাইছে। যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী যুৱতী।
উল্লেখ্য যে স্বৰস্বতী দাস ফাঁচী বজাৰৰ এখন দোকান কাম কৰিছিল।ডিব্ৰুগড়ৰ বান্ধৱীৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈছিল সৰস্বতী। তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল ।
ইফালে যুৱতী দুগৰাকী আলফা(স্বা) যোগদান কৰিছে নাই সেই কথা বর্তমানলৈ আনুষ্ঠানিকভাৱে সংগঠনটোৱে প্ৰকাশ কৰা নাই।













