![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰীৰ মালিগাঁৱত মৃতদেহ উদ্ধাৰ। বস্তাৰ ভিতৰত উদ্ধাৰ মৃতদেহটো পুৰুষৰ। মালিগাঁও মিঠা আমতলৰ এটা নলাৰ পৰা উদ্ধাৰ মৃতদেহতো। হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহতো কোনো লোকে হত্যা কৰি পেলাই যোৱা সন্দেহ।
গোশালা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহতো। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্য। মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই। নিশা বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষী। ইফালে মৃতদেহতো উদ্ধাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।













