স্বাস্থ্য প্ৰতিবেদন:
মহিলাসকলৰ ক্ষেত্রত বিশেষকৈ ৩০ বছৰৰ উর্ধ্বত শৰীৰত কেলচিয়ামৰ ঘাটি দেখা দিয়ে। ফলস্বৰূপে হাড় আৰু দাঁতত বিভিন্ন অসুখৰ প্রকোপ বাঢ়ে। বিশেষজ্ঞসকলে শৰীৰত কেলচিয়ামৰ চাহিদা পূৰণ কৰিবলৈ নিয়মিত খাদ্য তালিকাত গাখীৰ ৰখাৰ পৰামর্শ দিয়ে।
কিন্তু গাখীৰ খাবলৈ বহুতেই একেবাৰে পছন্দ নকৰে। বহুতৰেই আকৌ গাখীৰ খালে গেছৰ সমস্যা হয়।কিন্তু গাখীৰ অবিহনেও এনে কিছু খাদ্য আছে যিয়ে শৰীৰত কেলচিয়ামৰ ঘাটি পূৰণ কৰে।
২৫০ মিলিগ্রাম গাখীৰৰ পৰা ৩০০ মিলিগ্রাম কেলচিয়াম পোৱা য়ায়।
জানি লওক, খাদ্য তালিকাত গাখীৰৰ পৰিৱৰ্তে কি কি খাদ্য খালে শৰীৰত একেই পৰিমাণত কেলচিয়াম যোগান ধৰা সম্ভৱ:
১. কেলচিয়ামৰ ঘাটি পূৰণত অতি ভাল খাদ্য হ’ব পাৰে বিন। বিনত প্রচুৰ পৰিমাণে প্রোটিনো আছে। চালাড বা তৰকাৰী যিকোনো ধৰণে বিন খাব পাৰে।
২. নেমুত প্রচুৰ পৰিমাণে ভিটামিন চি থাকে এই কথা আমি সকলোৱেই জানো। কিন্তু নেমু খালে শৰীৰত কেলচিয়ামৰ ঘাটিও অনায়াসেই পূৰণ হ’ব।
৩. কেলচিয়ামৰ ঘাটি পূৰণ কৰিবলৈ প্রতিদিনৰ খাদ্য তালিকাত বগা তিল ৰাখক। বগা তিলৰ লাড়ু বনায়ো খাব পাৰে। স্বাস্থ্যৰ বাবে অতি উপকাৰী বগা তিল।
৪. এক কাপ ব্রকোলিত ৮৭ মিলিগ্রাম কেলচিয়াম থাকে। দৈনন্দিন ডায়েটত ব্রকোলি ৰাখিলে মূত্রাশয়, স্তন, কোলন, লিভাৰ আৰু পাকস্থলীৰ কেন্সাৰ প্রতিৰোধ কৰিব পাৰে।