![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ভেলেণ্টাইন ডে’ বিশেষ দিনতোত গুৱাহাটী মহানগৰীৰ এবিচিত The Sharon Unique স্পা পালাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান। ব্যৱসায়িক অনুজ্ঞাপত্ৰ অবিহনে চলাই আছিল পাৰ্লাখন। পৌৰ নিগমৰ অভিযান কালত পাৰ্লাত একাংশ যুৱক-যুৱতীক অশ্লীল অৱস্থাত হাতে লুটে ধৰা পেলাই। উল্লেখ্য যে, লগতে উদ্ধাৰ হৈছে একাংশ আপত্তিজনক সামগ্ৰী। পাৰ্লাখনৰ কেবিনত অনৈতিক কাৰ্যকলাপত জড়িত থকা অৱস্থা ধৰা পেলাই যুৱক-যুৱতীক।
আনহাতে অভিযান সন্দৰ্ভত পৌৰ নিগমৰ বিষয়াই কয়- পূৰ্ব পৰা অভিযোগ আছিল স্পা পাৰ্লাৰখনৰ বিৰুদ্ধে। তাৰ ভিত্তিতেই চলোৱা হৈছিল অভিযান। অভিযানৰ সময়ত পাৰ্লাৰ কৰ্তৃপক্ষই ভিতৰত কেবিন নথকা বুলি উল্লেখ কৰিছিল। কিন্তু অভিযানকাৰী দলে পৰীক্ষাৰ কৰাত ধৰা পৰে কেবিন। অভিযানকাৰী বিষয়াই কয়- স্পা পাৰ্লাখনত দেখা নাই পুৰুষ কৰ্মচাৰী, কিন্তু পুৰুষক মহিলাই মাছাজ কৰি পৌৰ নিগমৰ নিয়ম ভংগ কৰিছে।

ইফালে পাৰ্লাখনৰ স্বতাধিকাৰীয়ে কয়- চাৰি দিনমানৰ পূৰ্বেই চাফা কৰি পাৰ্লাখন আৰম্ভ কৰিছোঁ। নিজৰ মানুহৰ মাজতহে আৰম্ভ কৰা হৈছে। চিনাকিসকলক আজি ট্ৰায়েল কৰা হৈছে।













