![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰী জু-ৰোড তিনিআলিত প্ৰস্তাৱিত দুই লেনযুক্ত উৰণীয়া হেতু নিৰ্মাণৰ বাবে বহুবছৰীয়া পুৰণি গছসমূহ কাটি ধ্বংস কৰা কাৰ্যক তীব্র গৰিহণা সচেতন জনতাৰ। শুকুৰবাৰে একাংশ স্থানীয় জনতাই জু-ৰোডত চৰকাৰে উন্নয়ন নামত প্ৰকৃতি ধ্বংস কৰা কাৰ্য বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰকৃতি ৰক্ষা বিভিন্ন শ্লোগানৰ প্লে-কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদী জনতাই। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবেই ইতিমধ্যে কাটি পেলাইছে ৫০-৬০ বছৰীয়া পুৰণি গছসমূহ। চৰকাৰৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় অঞ্চলবাসী।
ইফালে বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত এজোপা গছ কাটিলে ১০ জোপা গছ ৰোপন কৰিব লাগিব বুলি লোৱা সিদ্ধান্তক প্ৰতিবাদকাৰীসকলে হাস্যকৰ বুলি অভিহিত কৰে। ৫০-৬০বছৰীয়া পুৰণি গছ এজোপা কাটি ১০ জোপা নতুন গছ ৰোপন কৰিব সেইয়া মানি ল’ব নোৱাৰি। গুৱাহাটীত ইতিমধ্যে গছ-গছনি সংখ্যা হ্ৰাস পাই আহিছে। কিমানখিনি ৰক্ষা কৰিব পাৰো সেইয়াহে আমাৰ প্ৰধান প্রদক্ষেপ হ’ব লাগে। উন্নয়নৰ বাবে গছ কাটি যাম আৰু নতুনকৈ ৰোপন কৰিম সেইটো উদ্দেশ্য হ’ব নালাগে।
উল্লেখ্য যে, ইতিমধ্যে কাটি পেলোৱা পুৰণি গছসমূহত তেওঁলোকে গছৰক্ষা বিভিন্ন শ্লোগান সম্বলিত পোষ্টাৰিং কৰি কয়- বন বিভাগে ৰাতি চোৰৰ দৰে গছসমূহ কাটিছে।













