স্বাস্থ্য প্ৰতিবেদন:
ষ্ট্ৰোক মানেই লগে লগে চিকিৎসা। চিকিৎসাত সামান্য পলম হ’লেই ঘটিব পাৰে ডাঙৰ বিপদ। কিন্তু কেতিয়াবা কেতিয়াবা আগতীয়া সতর্কতাৰ পৰা ডাঙৰ বিপদ এৰাই চলিব পৰা যায়।
ষ্ট্ৰোক বিভিন্ন ধৰণৰ হয়। কিন্তু ইস্কেমিক ষ্ট্ৰোক দেখা যায় সৰ্বাধিক সংখ্যক মানুহৰ ক্ষেত্রত। মূলত মস্তিষ্কত ৰক্ত চলাচল কমি যোৱাৰ কাৰণেই হয় এনে ধৰণৰ ষ্ট্ৰোক। এনে ধৰণৰ ষ্ট্ৰোকৰ সকলোতকৈ ডাঙৰ সমস্যা হৈছে, ইয়াৰ কোনো নির্দিষ্ট লক্ষণ দেখা নাযায়৷ যাৰ পৰা আগতীয়াকৈ সাৱধান হ’ব পৰা যায়।
কিন্তু কিছু সূক্ষ্ম উপসর্গ আছে। সেয়া চিনি পোৱাটো জৰুৰী।
কি কি উপসর্গ গুৰুত্ব দিব লাগিব?
প্রধান উপসর্গ হ’ল হাত আৰু ভৰি দুর্বল-শিথিল হৈ যোৱাটো। ষ্ট্ৰোকৰ অন্যান্য সমস্যা হঠাৎ দেখা দিয়ে। কিন্তু এই উপসর্গটি দেখা দিয়ে বাকীবোৰ লক্ষণ দেখা দিয়াৰ আগতেই।
হাত-ভৰি লৰচৰ কৰাত সমস্যা হয়। পেৰালাইছিছ আৰম্ভ হয় এই সময়ৰ পৰাই। কোনো কাম কৰিবলৈ গ’লেই হাত-ভৰিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে।
ইয়াৰ কাৰণ কি?
আমাৰ সকলো ধৰণৰ লৰচৰ কৰাৰ সঙ্কেতেই আহে মস্তিষ্কৰ পৰা। মস্তিষ্কত ৰক্ত চলাচল কমিবলৈ আৰম্ভ কৰিলে সেয়াই পেশীতো প্রভাৱ পেলায়। পেশী টান হৈ যাবলৈ আৰম্ভ কৰে। সেয়ে তেতিয়া হাত-ভৰি লৰচৰ কৰাত সমস্যা হয়।
এনে সমস্যা যদি অনুভৱ কৰে, সেই সময়তেই চিকিৎসকৰ কাষ চপাটো জৰুৰী। অপেক্ষা কৰিলেই বাঢ়িব পাৰে বিপদাশংকা।