![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
উৎকোচ লৈ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত জনতা ভৱনত কৰ্মৰত কৃষি বিভাগৰ উচ্চবৰ্গ সহায়িকা পাপৰি মেহতা। উল্লেখ্য যে অভিযোগ মতে কৃষি বিভাগত অনুকম্পামূলক নিযুক্তি বাবে এগৰাকী বিধৱা মহিলা পৰা ১ লাখ টকা উৎকোচ বিচাৰিছিল ধৃত পাপৰিয়ে। মহিলাগৰাকী অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই হাতে-লুটে ধৰিবলৈ বৃহস্পতিবাৰে পুৱা ১০:৩০বজাত মহিলাগৰাকী পৰা ১৫ হাজাৰ টকা লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ কৰ্মচাৰী পাপৰি মেহতাক।
উল্লেখ্য যে কৃষি বিভাগত গাড়ী চালক স্বামী মৃত্যুৰ পাছত অনুকম্পামূলক নিযুক্তি বাবে বিধৱা মহিলাগৰাকীয়ে আৱেদন জনাইছিল। উক্ত আৱেদনৰ ভিত্তিত নিযুক্তিৰ বাবে ১লাখ টকা পাপৰিয়ে উৎকোচ বিচাৰিছিল। তাৰে প্ৰথম কৃষ্টি হিচাপে ১৫ হাজাৰ টকা আজি লৈছিল।
আনহাতে, ধৃতকৰ্মচাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ পাছতে দুৰ্নীতি নিবাৰক শাখাই ৪/২০২২ নম্বৰত ৰুজু কৰিছে গোচৰ। উক্ত গোচৰৰ ভিত্তিত তদন্ত অব্যাহত থকা বুলিও জানিব দিছে।













