স্বাস্থ্য প্ৰতিবেদন:
ভিটামিন ডিয়ে কেৱল হাড় আৰু পেশীৰ স্বাস্থ্যই যে ভালে ৰাখে তেনে নহয়, যিকোনো সংক্রমণ ৰুধিবলৈ আৰু শৰীৰৰ প্রতিৰোধ ব্যৱস্থাক শক্তিশালী কৰি তুলিবলৈও ইয়াৰ প্ৰয়োজন। হৃদৰোগ, হাওঁফাওঁৰ সংক্রমণৰ আশঙ্কা কমায় এইবিধ ভিটামিনে।
উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোধতো ইয়াৰ ভূমিকা বহুত। গৱেষকৰ মতে, শৰীৰত ভিটামিন ডিৰ অভাৱ কোভিডৰ তীব্র সংক্রমণৰ কাৰণ হ’ব পাৰে।
কিন্তু বেছিভাগ ভাৰতীয়ৰে শৰীৰত এই ভিটামিনৰ অভাৱ আছে। আমাৰ শৰীৰত এই ভিটামিনৰ অভাৱ হোৱাৰ প্রধান কাৰণ হ’ল সূর্যৰ ৰশ্মি শৰীৰত নপৰা। কাৰণ সূর্যৰ পোহৰেই ভিটামিন ডিৰ প্রধান উৎস। আমাৰ দৈনন্দিন কর্মব্যস্ততাও শৰীৰত ভিটামিন ডিৰ অভাৱৰ অন্যতম কাৰণ।
দিনটোৰ বেছিভাগ সময় আমি অফিচতেই কটাওঁ। অফিচৰ চাৰিবেৰ ভেদ কৰি গাত ৰ’দ লগোৱাটো সম্ভৱ নহয়। সেয়ে ঘৰৰ ভিতৰতে সোমাই থকাসকলৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱাটো অতি স্বাভাৱিক।
কিন্তু চিন্তাৰ কাৰণ নাই। কিছু সাধাৰণ উপায় মানি চলিলেই শৰীৰত ভিটামিন ডিৰ যোগান ঠিকে ৰাখিব পৰা যাব।
১। অফিচলৈ যোৱাৰ পূৰ্বে কৰক শৰীৰচর্চা। সেয়া কৰিব পাৰিলে বহু সমস্যাৰ সমাধান হ’ব। কিন্তু ঘৰৰ ভিতৰত নহয়, বাহিৰত কৰক। এই ক্ষেত্রত প্রাতঃভ্রমণো কৰিব পাৰে। শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ হ’ব।
২। অফিচত গৈ একেৰাহে বহি থাকি কাম কেতিয়াও নকৰিব। কামৰ ফাঁকত মাজে মাজে উঠি খোজ কাঢ়ক। দুপৰীয়া সময়ত অলপ বাহিৰলৈ ওলাই খোজকাঢ়ক।
৩। বহুতেই বাহিৰত গৈ খাব নিবিচাৰে। তেনে ক্ষেত্রত অফিচতেই দুপৰীয়াৰ খাদ্য খাই উঠি অলপ ওলাই আহি ৰ’দত ৰওক। ইয়াৰ দ্বাৰাও যথেষ্টখিনি সমস্যাৰ সমাধান হ’ব।
৪। গাড়ীত অফিচলৈ গ’লে একেবাৰে অফিচৰ সন্মুখত নানামিব। অলপ আগত নামি খোজকাঢ়ক। খোজকঢ়াও হ’ব আৰু শৰীৰত ভিটামিন ডিৰ ঘাটিও পূৰণ হ’ব।