ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় বায়ু সেনাৰ ২৬ সংখ্যক মুৰব্বী হিচাপে সোমবাৰে শপতগ্ৰহণ কৰিলে এচিএম বাহাদুৰিয়াই। বায়ু সেনাৰ মুৰব্বী মাৰ্শ্বাল বীৰেন্দৰ সিং ধানুৱাই অৱসৰ গ্ৰহণ কৰাতেই বাহাদুৰিয়া এই পদত অধিষ্ঠিত হয়। শপতগ্ৰহণ কৰিয়েই তেওঁৰ বাহিনীয়ে প্ৰয়োজনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদায়েই সাজু থকা বুলি ঘোষণা কৰে।










