![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য সাংস্কৃতিক জগতৰ বাবে দু-খবৰ। বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাক গুৰুত্বভাৱে অসুস্থ। ব্ৰেইন ষ্ট’কত আক্রান্ত শিল্পীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে গণেশগুৰিস্থিত দিছপুৰ পলিক্লিনিকত।
উল্লেখ্য যে, মঙলবাৰে পুৱাই পৰিয়ালৰ লোকে শিল্পী বেজবৰুৱাক ভৰ্তি কৰিছে চিকিৎসালয়খন। কন্যাই জানিব দিয়া মতে ICUত ভেন্টিলেচনত ৰখা হৈছে। চিকিৎসকে সংকটজনক অৱস্থাত থকা বুলি আমাক জনাইছে।
চিকিৎসালয়খনে জ্যেষ্ঠ চিকিৎসকৰ নিৰীক্ষণত আছে জ্যেষ্ঠ শিল্পীগৰাকীক । ইফালে শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰা লগে লগেই গুণমুগ্ধ সকলে আশু আৰোগ্য প্ৰাৰ্থনা জনাইছে বিভিন্ন মাধ্যমত।













