স্বাস্থ্য প্ৰতিবেদন:
বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ বিপাক হাৰ তুলনামূলকভাবে বহুখিনি কমি যায়। সেয়ে হঠাৎ ওজন বাঢ়ি যোৱাৰ আশঙ্কা থাকি যায়। কিন্তু ৪০ পাৰ হৈ গ’লে বহুতেই ওজন কমোৱাক লৈ তেনে একো নকৰে। ওজন বেছি হৈ গ’লে শৰীৰৰ বিভিন্ন অঙ্গৰ ওপৰত বৰ্ধিত চাপ পৰে।
ফলত হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্রবণতা সৃষ্টি হ’ব পাৰে। সেয়ে বয়স ৪০ পাৰ হৈ গ’লেও ওজন নিয়ন্ত্রণত ৰখাটো অতি জৰুৰী।
বিশেষজ্ঞসকলৰ মতে, ৬০ বছৰৰ বেছি বয়সৰ ব্যক্তিসকলেও কমবয়সীয়াসকলৰ দৰেই ওজন কমাব পাৰে কেৱল জীৱনধাৰাত বহুখিনি পৰিবর্তন আনি।
অৱশ্যে বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ গঠনত বহু পৰিবর্তন আহে। আৰু শৰীৰৰ সামগ্রিক গঠনৰ ওপৰতেই আপোনাৰ সুস্বাস্থ্য নির্ভৰ কৰিব। জানিব লাগিব ওজন কমোৱাৰ সঠিক কৌশল।
১) অস্বাস্থ্যকৰ প্রক্রিয়াজাত খাদ্যৰে আপোনাৰ পুৱাৰ আহাৰ কৰিলে নহ’ব৷
২) স্বাস্থ্যকৰ ব্ৰেকফাষ্ট ভুলতো নেৰিব৷
৩) প্রতিদিনে অন্তত সাত-আঠ গিলাচ পানী খাবলৈ নাপাহৰিব৷
৪) বেছি সময় খালী পেটত নাথাকিব৷ স্বাস্থ্যকৰ স্নেকছ ৰাখিব লাগিব খাদ্য তালিকাত৷
৫) নিশা গধুৰ খাদ্য নাখাব৷
৬) চেনিযুক্ত কফি, চাহ বা এনার্জি ড্রিংক্স অতিৰিক্ত পৰিমাণে গ্রহণ নকৰিব৷
৭) শৰীৰচর্চা অৱশ্যেই কৰক। বয়স বাঢ়িছে মানে শৰীৰচর্চা নকৰিব, এইটো ঠিক নহয়৷