![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰীত পুনৰ ৰহস্য অৱস্থাত এগৰাকী ৬০ ঊৰ্ধ মহিলা মৃতদেহ উদ্ধাৰ। ঘৰৰ ভিতৰত নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱাৰ সন্দেহ স্থানীয়লোকৰ। যোৱা নিশা সংঘটিত হৈ ৰহস্যজনক হত্যাকাণ্ডতো। প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কেম্প্ৰেক্সৰ স্বতাধিকাৰী মৃত অনু হাজৰিকা নামৰ মহিলাগৰাকীৰ। উল্লেখ্য যে এগৰাকী কেয়াৰটেকাৰ সৈতে বসবাস কৰিছিল বৃদ্ধা মহিলা গৰাকী।
দেওবাৰে নিশা দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি যোৱা সন্দেহ স্থানীয় লোকৰ। মৃত মহিলাগৰাকী ঘৰৰ ধন-সোণ লুটি লৈ যোৱাৰ লগতে আঁচ-বাব আৰু চিচিটিভি ভাঙি থৈ যোৱা অৱস্থাত উদ্ধাৰ হৈছে। ফটাশিল আৰক্ষী থানাৰ অন্তৰ্গত কম্প্ৰেক্সটোত মহিলাগৰাকী বিগত ৫বছৰেৰে অকলে বাস কৰি আহিছিল।
আনহাতে মৃতদেহ আৰক্ষী লোক উপস্থিত হৈ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষা বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে হত্যাকাণ্ডৰ হয় নে নহয় তাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্তৰ অব্যাহত ৰাখিছে।













