![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সৰস্বতী পূজা আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত প্ৰৱল শিলাবৃষ্টি। আজি বিয়লি ভাগত অহা এজাক শিলাবৃষ্টিত মুহূৰ্ততে শুভ্র হৈ পৰে মহানগৰী ৰাজপথ। প্ৰায় ১৫ মিনিটৰো অধিক সময় ধৰি হোৱা শিলাবৃষ্টি ফলত মহানগৰী ঠায়ে ঠায়ে কৃত্ৰিম বানপানী সৃষ্টি হয়। সদাব্যস্ত চান্দমাৰি কলনী পথ মুহূৰ্ততে কৃত্ৰিম বানত বুৰ যায়। ফলত তীব্র যান-জঁটৰ সৃষ্টি হয় পথছোৱাত।
উল্লেখ্য যে মহানগৰী বিভিন্ন প্ৰান্তত সৰস্বতী পূজাৰ চলি থকা সময়তে অহা বৰষুণ ফলত একাংশ পূজা স্থলী ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে।

গুৰুত্বপূৰ্ণ কথা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বেই জাৰি কৰিছিল সতৰ্ক। বৃহস্পতিবাৰৰ পৰা ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। শুকুৰবাৰে মহানগৰীত সম্পূৰ্ন দিনটো বৃষ্টিপাত হৈ সৰ্বনিম্ন তাপ মাত্ৰা ১২ ডিগ্ৰী হৈছিল।
ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটোৱে প্ৰকাশ কৰা মতে মঙলবাৰৰ পৰাহে ৰাজ্যত বতৰ ফৰকাল হোৱা সম্ভাৱনা আছে।













