![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী খ্ৰীষ্টিয়ানবস্তিৰ স্বামীগৃহত ৰহস্যজনকভাৱে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱা নিকিতা আগৰৱালা খেমকা চিকিৎসালয়ত মৃত্যু। বৃহস্পতিবাৰে নিশাই নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা নিকিতাই শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসালয়তে। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ৰহস্যজনভাৱে প্ৰায় ৮০ শতাংশ জ্বলি গৈছিল নিকিতাৰ। স্থানীয় ৰাইজ তথা এপাৰ্টমেণ্টৰ চিকিউৰীটি তৎপৰতাত জীৱন্তে উদ্ধাৰ কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় বোৱাৰীগৰাকীয়ে।
উল্লেখ্য নিকিতাৰ পৰিয়ালৰ অভিযোগ মতে স্বামী আৰু তেওঁ পৰিয়ালে দীৰ্ঘদিনে শাৰীৰিক-মানসিক নিৰ্যাতন কৰি আহিছিল। কৌশিক খেমকা নামৰ নগাঁৱৰ ব্যৱসায়ী গৰাকীৰ সৈতে ২০১৮ চনৰ ১৯ এপ্ৰিলত যুগ্ম জীৱন আৰম্ভ কৰিছিল নিকিতাই। বিয়া পাছৰ পৰাই স্বামী কৌশিক আৰু পৰিয়ালে নিৰ্যাতন চলাই অহা বুলি তেওঁলোকে কয়। বহুসময়ত স্বামীয়ে মাৰ-ধৰ কৰাৰ গুৰুত্ব অভিযোগ নিকিতাৰ মাতৃ আৰু আৰু ভাতৃৰ।
ইফালে নিকিতা ভাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কৌশিকে গাঞ্জা-মদ খাই অত্যাচাৰ কৰি গৈছিল। মানসিক অত্যাচাৰ সহিব নোৱাৰি তাই এনে চৰম পথ বাছি লৈছিল।
আনহাতে ঘটনা উচিত ন্যায় বিচাৰি দিছপুৰ থানাত নিকিতা পৰিয়ালে এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰ ভিত্তিতে ইতিমধ্যে দিছপুৰ থানাই স্বামী কৌশিকক গ্ৰেপ্তাৰ কৰিছে।
আনহাতে স্বামী আৰু পৰিয়ালে যৌতুক দাবী কৰাৰ কথা অস্বীকাৰ কৰে নিকিতাৰ মাতৃয়ে। স্বামী কৌশিক ঘৰৰ ভিতৰত শুই থকা অৱস্থাত তাই জ্বলিছে। আৰু ওচৰৰ মানুহ, তলৰ চিকিউৰিটিয়ে ঘৰৰ ভিতৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগাত শুই থকা স্বামী উঠি তাইক চাইছে। নিকিতা পৰিয়ালৰ অভিযোগ জ্বলাই দিছে নে জ্বলি গৈছে নাজানো কিন্তু জ্বলিল কেনেকৈ তাৰ উচিত তদন্ত লাগিব- মাতৃয়ে কয়।













