স্বাস্থ্য প্ৰতিবেদন:
বহুতে হয়তো নাজানে যে, পুৰুষ আৰু নাৰীৰ মাজত হৃদৰোগৰ উপসর্গবোৰ অধিকাংশ ক্ষেত্রতেই পৃথক হয়। পৰিসংখ্যা মতে, প্রায় ৬৪ শতাংশ মহিলাৰ ক্ষেত্রত হৃদৰোগত আক্রান্ত হোৱাৰ পূৰ্বে বুকুৰ বিষৰ দৰে উপসর্গ দেখা নাযায়। মহিলাসকলৰ ক্ষেত্রত মূলত দেখা যায় ক্লান্তি, শ্বাসকষ্ট, কান্ধ আৰু ডিঙিৰ বিষৰ দৰে উপসর্গ। কিন্তু জানেনে কোনবোৰ ভুলে মহিলাসকলৰ শৰীৰলৈ আমন্ত্ৰণ জনাব পাৰে এনে ধৰণৰ সমস্যা?
১। একেলগে গর্ভনিৰোধক টেবলেট খোৱা আৰু ধূমপানে বৃদ্ধি কৰিব পাৰে হৃদৰোগৰ আশঙ্কা। বিশেষকৈ যিসকলৰ বয়স ৩৫ বছৰৰ ওপৰত, তেওঁলোকৰ ক্ষেত্র এই আশংকা বহু বেছি। ধূমপান বন্ধ কৰি দিলে হৃদৰোগৰ আশঙ্কা শতকৰা আশীভাগ কমে।
২। নিয়মিত মদ্যপানে বহুখিনি বৃদ্ধি কৰে হৃদৰোগৰ আশংকা। অতিৰিক্ত মদ্যপানে উচ্চ ৰক্তচাপ, উচ্চ কোলেষ্টেৰল, অতিৰিক্ত ওজনৰ দৰে সমস্যা মাতি আনে, যিটো সংবহনতন্ত্রৰ বাবে একেবাৰেই ভাল নহয়। বিশেষজ্ঞসকলৰ মতে, দৈনিক ১২ আউন্স বিয়েৰ, ৫ আউন্স ৱাইন আৰু ১.৫ আউন্সৰ বেছি মদ্যপান কৰাটো একেবাৰেই উচিত নহয়।
৩। পর্যাপ্ত শৰীৰচর্চাৰ অভাৱো সংবহনতন্ত্রৰ সমস্যাৰ অন্যতম প্রধান কাৰণ। বিশেষজ্ঞৰ মতে, মহিলাসকলে সপ্তাহত অন্তত আঢ়ৈ ঘণ্টা শৰীৰচর্চা কৰা উচিত। যিসকলে শৰীৰচর্চা কৰিব নোৱাৰে, তেওঁলোকে প্রতিদিনে অন্তত ৩০ মিনিট খোজকাঢ়িব লাগে।
৪। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আৰু উচ্চ কোলেষ্টেৰলৰ সমস্যা থাকিলে নিয়মিত পৰীক্ষা-নিৰীক্ষা কৰিব লাগে। বাহ্যিক উপসর্গ নাথাকিলেও এই বিষয়বোৰত নজৰ নাৰাখিলে হ’ব পাৰে বিপদ। যিসকলৰ এনেধৰণৰ সমস্যা আছে, তেওঁলোকে নিয়মিত চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগে।