স্বাস্থ্য প্ৰতিবেদন:
কেৱল ৰন্ধনতে নহয়, স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্রতো আছে তেজপাতৰ অপৰিসীম অৱদান। হজমৰ সমস্যা দূৰ কৰাত, ডায়েবেটিছ নিয়ন্ত্রণ, হার্টৰ সমস্যা ৰোধাতো তেজপাত অতি উপকাৰী।
১) তেজপাতে শৰীৰত ইনছুলিনৰ মাত্রা নিয়ন্ত্রণ কৰে। সেয়ে টাইপ-২ ডায়েবেটিছৰ বাবে ই অতি কার্যকৰী।
২) শৰীৰৰ পৰা অতিৰিক্ত টক্সিন উলিয়াই দিয়াতো তেজপাতৰ যথেষ্ট ভূমিকা আছে।
৩) ছালত নানা ধৰণৰ বেক্টেৰিয়াজনিত সংক্রমণ হয়। এটি তেজপাত চাৰি কাপ পানীত উতলাই লৈ খাব পাৰে। দিনত চাৰি-পাঁচবাৰ এই পানী খালে সুফল পাব।
৪) ফোঁহাৰ সমস্যা হ’লে তেজপাত বটি তাৰ ওপৰত প্রলেপ দিয়ক। বিষো কমিব আৰু সোনকালে শুকাইও যাব।
৫) কাহ হ’লে বা জোৰে কথা ক’লে বহুতৰে ডিঙি ফাটি যায়। তেজপাত উতলাই সেই পানী খালে তেনে ক্ষেত্রত আৰাম পাব।
৬) প্রস্রাবৰ ৰং হালধিয়া হ’লে গৰম পানীত তেজপাত দুই ঘণ্টা ভিজাই ৰাখি চেকি লৈ দুই-তিনি ঘণ্টাৰ মূৰে মূৰে খাওক। সমস্যা কমিব।
৭) ব্রণ বা শালমইনাৰ সমস্যাত চন্দন আৰু তেজপাত একেলগে বটি মুখত লগাব পাৰে। দাগৰ পৰাও ৰেহাই পাব। ছাল হ’ব উজ্জ্বল আৰু সতেজ। ইয়াৰ উপৰি, গাৰ দুর্গন্ধ কমাবলৈও তেজপাত ব্যৱহাৰ কৰিব পাৰে।
৮) তেজপাতৰ ৰস ব্যৱহাৰ কৰিলে চুলি সৰাৰ সমস্যা দূৰ হয়। উফি আৰু চুলিৰ ৰুক্ষতা কমাবলৈও ইয়াৰ ব্যৱহাৰ কৰিব পাৰে।
৯) তেজপাতত এন্টিবেক্টেৰিয়েল আৰু মাইক্রোবেক্টেৰিয়েল উপাদান থাকে। ই ক্ষত স্থান শুকোৱাত অতি ভাল কাম কৰে।