মঙলবাৰে নিজৰ জন্মদিনৰ দিনাই গুৱাহাটী মহানগৰীত এখন উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ যানজঁটৰ সমস্যা সমাধানৰ বাবে মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথত হ’ব এই দুই লে’নযুক্ত উৰণীয়া সেতুখন৷ ৰাজ্যৰ লোকনিমাৰ্ণ (পথ) বিভাগে নিৰ্মাণ কৰিব জু-ৰোডত ৫৮০ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু৷
৭৮.৯৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগা উৰণীয়া সেতুখনৰ বহল হ’ব ৭.৫০ মিটাৰ৷ উৰণীয়া সেতুখনৰ নিৰ্মাণৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ১৮ মাহ৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ মন্তব্য, ১৮ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা হ’লেও অহা ব’হাগ বিহুৰ সময়তে ৰাইজৰ বাবে এই উৰণীয়া সেতুখন মুকলি কৰিব পৰা যাব৷
ইয়াৰ উপৰি তেওঁ মহানগৰবাসীৰ বাবে আন কেতবোৰ আঁচনিৰ কথাও ঘোষণা কৰে৷ লগতে তেওঁ কয় যে এই আঁচনিসমূহৰ কাম দুই-এদিনতে আৰম্ভ কৰি আগন্তুক ৩ বছৰৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে৷