স্বাস্থ্য প্ৰতিবেদন:
বৰ্ধিত ওজন কমাব বিচাৰে নেকি? ভাবিছে ফেটযুক্ত খাদ্য এতিয়াৰে পৰা কমাই খাব। কিন্তু কোনবিধ খাব আৰু কি নাখাব তাক লৈ চিন্তিত নেকি?
বহুতেই জানে এনে ক্ষেত্রত প্রোটিন খোৱাৰ মাত্রা বৃদ্ধি কৰি দিয়াটো ভাল। চিকিৎসকসকলৰ একাংশইও তেনে কথা কয়।
দৈনিক যি দুবিধ খাদ্যত প্রোটিনৰ পৰিমাণ বেছি, সেয়াহৈছে কণী আৰু পনিৰ। ওজন কমাব বিচাৰিলে ইয়াৰে কোনবিধ খাব, সেয়া চোৱাও জৰুৰী।একোটা কণীত আছে ৬ গ্রাম প্রোটিন। ইয়াৰ উপৰি পুষ্টিৰ বিভিন্ন উপাদান থাকে এই খাদ্যত। আছে প্রচুৰ পৰিমাণৰ কেলচিয়াম। এটি কণীত ২৪.৫ মিলিগ্রাম কেলচিয়াম থাকে। যিটো শৰীৰৰ বাবে অত্যন্ত উপকাৰী। ইয়াৰ উপৰি কণীত থাকে মেগনেছিয়াম, ফছফৰাছ, জিংক আৰু কোলেষ্টেৰল।
পনিৰত প্রোটিনৰ মাত্রা কণীতকৈ কিছু বেছি। ৪০ গ্রাম ল’ ফেট পনিৰত ৭.৫ গ্রাম প্রোটিন থাকে। কেলচিয়াম থাকে ১৯০ মিলিগ্রাম। কার্বোহাইড্রেট, ফোলেট, ফছফৰাছ, পটাচিয়ামো থাকে যথেষ্ট পৰিমাণে।
কিন্তু কোনবিধ খাব? কণী নে পনিৰ?
দুয়োবিধ খাদ্যই অত্যন্ত পুষ্টিকৰ। ওজন কমাব বিচাৰিলে দুয়োবিধ খাদ্যই যথেষ্ট সহায় কৰিব পাৰে। অৱশ্যে দুয়োবিধ খাদ্যত পৃথক পৃথক ধৰণৰ ভিটামিন আছে। যেনে ধৰণৰ ভিটামিন আপোনাৰ শৰীৰত বেছি প্রয়োজন, সেয়া বুজি লৈ বাছনি কৰিব পাৰে।
কিন্তু যিসকলে কণী খায়, লগতে তেওঁলোকে পনিৰো খাব পাৰে। তাত কোনো সমস্যা নাই। আৰু যদি কণী নাখায়, তেনেহ’লে পনিৰ অলপ বেছি পৰিমাণে খালে শৰীৰ বেছি ভালে থাকিব। পনিৰত প্রোটিনৰ পৰিমাণ যিহেতু বেছি, সেয়ে চিকিৎসকসকলৰ একাংশৰ বক্তব্য যে ওজন কমোৱাৰ সময়ত কণীতকৈ পনিৰ খোৱাটো বেছি লাভজনক হ’ব পাৰে।