![]()
স্বাস্থ্য প্ৰতিবেদন:
১) নাৰিকল তেল
নাৰিকলৰ তেলে চুলিৰ গুৰিক ময়শ্চাৰাইজ কৰে। ই চুলিৰ পৰা প্রোটিন ক্ষয় ৰোধতো সহায় কৰে। নাৰিকল তেলত থকা Lauric acid-এ চুলিৰ ক্ষতি ৰোধ কৰাত সহায় কৰে। তাৰ উপৰি, ইয়াত ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট আছে, যিয়ে চুলিৰ বৃদ্ধিক সহজ কৰে।
নাৰিকল তেলত অলপ তুলা ভিজাই নিশা শোৱাৰ আগতে উভয় ভ্রুতেই লগাই লওক। পিছদিনা পুৱা ফেচৱাছেৰে ধুই পেলাওক।
২) অলিভ অয়েল
এন্টিঅক্সিডেন্ট, ভিটামিন এ আৰু ভিটামিন ই সমৃদ্ধ অলিভ অয়েলে চুলিত পুষ্টি যোগায়, চুলিৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে।
আঙুলিত কেইফোঁটামান এক্সট্রা ভার্জিন অলিভ অয়েল লৈ ভ্রুত লগাই মাছাজ কৰক। তাৰ পিছত ২-৩ ঘণ্টা ৰাখি ফেচৱাছেৰে ধুই পেলাওক। দিনত এবাৰ এনেদৰে ব্যৱহাৰ কৰক।













