![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ নুনমাটিস্থিত তেল শোধনাগাৰৰ চিকিৎসালয়ত অঘটন। কৰ্তব্যত নিয়োজিত থকা এগৰাকী নাৰ্ছক চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে বলপূৰ্বকভাৱে যৌন নিৰ্যাতন অপচেষ্টা চলোৱা গুৰুত্ব অভিযোগ। অভিযোগ মতে সুৰামত্ত অৱস্থাত থকা চিকিৎসক ডাঃ ভাস্কৰজ্যোতি বৰুৱাই কৰ্তব্যৰত নাৰ্ছ গৰাকীক টানি আজুৰি নিজৰ কোঠালিলৈ নিয়ে। ভুক্তভোগী নাৰ্ছগৰাকীয়ে দাখিল কৰা এজাহাৰ ভিত্তিতেই ইতিমধ্যে নুনমাটি থানাত গোচৰ ৰুজু হোৱা বুলিও জানিব পৰা গৈছে। নাৰ্ছগৰাকীৰ এজাহাৰ ভিত্তিত চিকিৎসকগৰাকীক আৰক্ষীয়ে বিচাৰি আছে যদিও বৰ্তমানলৈ নুনমাটি আৰক্ষীয়ে অভিযুক্ত চিকিৎসকগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।
আনহাতে চিকিৎসালয়ৰ কৰ্তৃপক্ষ বিৰুদ্ধে ৰক্ষণাবেক্ষণ দিয়া অভিযোগ ডঃ বৰুৱাক। উল্লেখ্য প্ৰাপ্ত খবৰ মতে এজাহৰ দিয়া ২৪ঘণ্টা ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলিও ভুক্তভোগীয়ে কয়।












