ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ৭৩ সংখ্যক গণৰাজ্য দিৱসটি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ এই উপলক্ষে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ইয়াৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পেৰেডত অংশগ্ৰহণ কৰা ২০ বিএন চিআৰপিএফ, অসম পুলিছ আৰু হ’ম গাৰ্ড জোৱানৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে ৷
এইবাৰ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু বিভাগীয় টেবলয়ড প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকে৷ আনকি বিভিন্ন ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে লাভ কৰা পুৰষ্কাৰসমূহো গণৰাজ্য দিৱসত প্ৰদান নকৰিলে ৷ এই বঁটাসমূহ সংশ্লিষ্ট বিভাগৰ পৰা গ্ৰহণ কৰিবলৈ আহ্বান জনায় উদ্যোক্তাসকলে ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে, অসম গৌৰৱ বঁটা প্ৰাপক কাৰবি আংলঙৰ পথ প্ৰদৰ্শক তথা গৌৰৱ খৰছিং তেৰাঙক কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ টেক্স বিভাগত নিযুক্ত প্ৰদান কৰা হ’ব ৷ লকডাউনৰ মাজতো বিজেপি শাসিত পৰিষদে জিলাখনত বহুতো উন্নয়ণ মূলক কাম কৰিছে ৷ জিলাখনত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মালম্বী লোকক একেলগে লৈ উন্নয়নমূলক কাম কৰা হ’ব ৷ বিজেপিয়ে কাৰবি আংলঙৰ উন্নয়ণৰ নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৰংহাঙে ৷ কাৰবি শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বুলি কোৱাৰ লগতে জিলাখনৰ বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ আৰু স্বায়ত্তৰাজ্য আন্দোলনত শ্বহীদ পৰিয়ালক এককালীনভাবে ৫ লাখ টকাকৈ সাহায্য দিয়া হৈছে বুলিও কয় ৷
ইয়াৰোপৰি অসমক বিভাজন নকৰাকৈ ‘বৰ অসম’ গঢ়াৰ লক্ষ্যলৈ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪(ক)ৰ আধাৰত অসমৰ ভিতৰতে এখন স্বায়ত্তৰাজ্য গঢ়িবলৈ পৰিষদৰ তৰফৰ পৰা প্ৰধান মন্ত্ৰীক বাৰম্বাৰ স্মাৰক পত্ৰ দিয়া হৈছে বুলিও কয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গান্ধী পাৰ্কত গান্ধীজীৰ প্ৰতিমূৰ্তি অমৰ শ্বহীদ তৰ্পনত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে সাংসদ হৰেণ ছিং বে, ডাঃ তুলিৰাম ৰংহাঙকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ৰাজনৈতিক নেতা আৰু বিষয়া-কৰ্মীসকলে ৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পিছত ডিফু অসামৰিক চিকিৎসালয়ৰ ৰোগী আৰু জেলৰ কয়দীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয় ৷