ষ্টাফ ৰিপ’ৰ্টাৰ
সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কৰ্বিআংলং জিলা সদৰ হামৰেণ ৰংবং ৰংহাং খেলপথাৰত আজি দেশৰ ৭৩তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে, পশ্চিম কাৰ্বিআংলং জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন হোৱা উক্ত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে জিলাখনৰ উপায়ুক্তা কৃষ্ণা বৰুৱাই।
উপায়ুক্তাগৰাকীয়ে ভাষণ প্ৰসংগত ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই বিগত সময়চোৱাত ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা কিদৰে সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছে তাৰ খতিয়ান দাঙি ধৰে। উক্ত দিৱস উদযাপন কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপছিং টেৰণ, MAC প্ৰভাত চন্দ্ৰ তাৰ’, ৰীনা তেৰনপী, পৱন কুমাৰৰ লগতে প্ৰশাসনীয় লোকসকল উপস্থিত থাকে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সম্পূৰ্ণ ক’ভিড বিধি মানি জিলাখনত শান্তিপূৰ্ণভাৱে দেশৰ ৭৩তম গণৰাজ্য দিৱসটি উদযাপন কৰা হয়।