![]()
স্বাস্থ্য প্ৰতিবেদন:
শৰীৰত ইমিউনিটি বৃদ্ধিত কমলা কৰোনাৰ সময়কালত অতি উপকাৰী হ’ব পাৰে। কেৱল সেয়াই নহয়, ই আপোনাক শক্তিৰে পৰিপূর্ণ কৰি ৰাখে। কমলাত প্রচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ইয়াৰ উপৰি ওজন হ্রাসৰ বাবেও কমলা অতি কার্যকৰী বিবেচনা কৰা হয়, কাৰণ ইয়াত কেলোৰিৰ পৰিমাণ খুব কম।
কমলাত পোৱা উপাদানবোৰৰ ভিতৰত প্ৰধান হৈছে এমিনো এচিড, ফাইবাৰ, কেলচিয়াম, আয়ডিন, ফছফৰাছ, ছডিয়াম, খনিজ, ভিটামিন এ আৰু বিৰ দৰে উপাদান। এই উপাদানবোৰৰ কাৰণে উচ্চ ৰক্তচাপৰ বাবে কমলা কার্যকৰী বিবেচিত হয়।
কমলাৰ বিভিন্ন উপকাৰিতা :

১. ওজন নিয়ন্ত্রণত ৰাখে :
খোৱাপানীৰ লগত কমলা মিহলি কৰি ল’লে কেলৰি গ্রহণ কমাব পাৰে আৰু ওজন নিয়ন্ত্রণত সহায় কৰিব পাৰে। পুৱাৰ জলপানত এক গিলাচ কমলাৰ ৰস উপকাৰী হ’ব পাৰে। কমলাত ফাইবাৰ আৰু ভিটামিন চি বেছি থাকে। ফলত কমলা খালে সোনকালে ভোক নালাগে, যাৰ কাৰণে ওজন বৃদ্ধি নাপায়।
২. ইমিউনিটি বঢ়ায় :
গ্রীষ্মকালত কমলা খোৱাটো অতি উপকাৰী। ই প্রাকৃতিক এন্টি অক্সিডেন্ট আৰু ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। ইয়াৰ উপৰি ৰক্ত পৰিষ্কাৰৰ লগতে ষ্টেমিনা বৃদ্ধিতো সহায়ক।
৩. শক্তিশালী হাড় গঠন কৰে :
কমলা ভিটামিন বি কমপ্লেক্সৰ উৎস, যিয়ে হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে। ই হার্ট বিটৰ হাৰ আৰু ৰক্তচাপ নিয়ন্ত্রণ কৰে আৰু হাড় শক্তিশালী কৰাৰ কাম কৰে।













