ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাইলৈ উদযাপিত হ’বলগীয়া ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰবি আংলং জিলা আৰক্ষী প্ৰশাসনলৈ আহিছে এক সুখবৰ ! পাহাৰীয়া জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত কৰ্মৰত তিনিজনকৈ ইউবি কনিষ্টবলৈ আগবঢ়োৱা হৈছে সন্মানজনক ৰাষ্ট্ৰপতি পদক ৷ অসমৰ ১৬ গৰাকীকৈ আৰক্ষীৰ লোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ তাৰ ভিতৰত কাৰবি আংলং জিলাত কৰ্মৰত তিনিজনকৈ ইউবি কনিষ্টবল আছে ৷
কনিষ্টবলসকল ক্ৰমে, মাঞ্জা থানাত কৰ্মৰত ইউবিচি নং ৩৬৯ মোজাম্মিল হক, লাহৰিজান পহৰা চকীত কৰ্মৰত ইউবিচি নং ৫৪৯ আৰু খটখটী থানাত কৰ্মৰত ইউবিচি নং, ৫৩৩ ৰঞ্জুমনি শইকীয়া ৷ তিনিওগৰাকী আৰক্ষী জোৱানে বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু কৰ্তব্য সহকাৰে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰাৰ বাবেই এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা বুলি জানিব পৰা গৈছে ৷
কাইলৈ উদযাপিত হ’বলগীয়া গণৰাজ্য দিৱসত এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷