![]()
স্বাস্থ্য প্ৰতিবেদন:
কোভিডমুক্তিৰ পিছত সামগ্রিক আৰোগ্যলাভৰ এই যুঁজত অস্ত্ৰ হ’ব পাৰে নিয়মিত যোগাভ্যাস। এই তিনিটা আসনে এজন কোভিডৰ পৰা সুস্থ হোৱা ৰোগীৰ শৰীৰ দ্রুততাৰে সুস্থ কৰি তোলাত সহায় কৰিব পাৰে।
১। চক্রবক্রাসন
এই আসনৰ ফলত শৰীৰত ৰক্ত সঞ্চালনৰ সঠিক মাত্রা ঠিকে থাকে। লগতে সচল হয় হাত-ভৰি। মেৰুদণ্ডৰ স্নায়ু ভালে ৰাখিবলৈও এই আসনৰ বিকল্প নাই।
২। বদ্ধকোনাসন
উদৰ আৰু শৰীৰৰ নিম্নাঙ্গৰ বিভিন্ন পেশীৰ স্বাস্থ্যৰক্ষাত ই অতি উপযোগী। যিহেতু কোভিডৰ এই সংক্ৰমণত পেটৰ সমস্যাই দেখা দিছে, সেয়ে এই আসন ভাল কামত আহিব পাৰে কোভিডৰ পৰা সদ্য আৰোগ্য ব্যক্তিসকলৰ বাবে। লগতে ভৰিৰ জোৰ ঘূৰাই পাবলৈও সহায় কৰিব এই আসনে।
৩। অর্ধ কপোতাসন
সম্গ শৰীৰৰ সামগ্রিক উন্নতিৰ বাবে অত্যন্ত কার্যকৰী এটি আসন। ৰক্ত সঞ্চালন স্বাভাৱিক ৰখাৰ পৰা এন্ডোক্রিন গ্রন্থিৰ ক্ষৰণ ঠিকে ৰখা, একাধিক উপকাৰ আছে এই আসনৰ।
বিশেষজ্ঞসকলে জনাইছে, ভাইৰাছ নির্মূল হৈ গ’লেও দীর্ঘদিনলৈ হ’ব পাৰে ক্লান্তি, গাৰ বিষ, মূৰৰ ৰিমঝিম কৰা বা মানসিক অস্থিৰতাৰ দৰে বিভিন্ন সমস্যা। নিয়মিত যোগাভ্যাসে শ্বাস-প্রশ্বাস প্রণালীক ভালে ৰখাত সহায় কৰে। বৃদ্ধি কৰে ৰক্ত সঞ্চালন, দূৰ কৰে পেশীৰ ক্লান্তি।
ফলত নিয়মিত যোগাভ্যাস কৰিলে সহজ হয় কোভিড পৰৱর্তী সমস্যাৰ পৰা মুক্তিৰ পথ। অৱশ্যে যিসকল তুলনামূলকভাবে বেছি আক্ৰান্ত হৈছিল কোভিডত, তেওঁলোকে কিন্তু যোগাভ্যাস আৰম্ভ কৰাৰ আগতে বিশেষজ্ঞসকলৰ পৰামর্শ ল’ব লাগীব। নহ’লে হিতে বিপৰীত হ’ব পাৰে।













