ছাইদুল ইছলাম
ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে কাৰবি আংলঙৰ ছটাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰৰ পিছৰ পৰাই চুক্তিখনৰ বিৰোধিতাৰে কেইবাটাও দল-সংগঠনে বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ৷
আজি ডিফু নগৰস্থিত ডিফু ক্লাৱত “জইন্ট কো-অৰ্ডিনেছন কমিটি ফৰ প্ৰটেকছন অৱ অট’নমি’ চমুকৈ ‘জেচচিপিএ’ৰ উদ্যোগত কাৰবি শান্তি চুক্তিৰ ২’৩ নং দফা সন্দৰ্ভত এখনি বৈঠক অনুষ্ঠিত হয় ৷ কেইবাটাও দল-সংগঠনকলৈ কৰা বৈঠকৰ অন্তত ২০২১ চনৰ ৪ ছেপ্তেম্বৰত হোৱা শান্তি চুক্তি কোনোপধ্যে মানি নলয় বুলি ঐক্যমত পোষণ কৰে ৷ ভাৰতীয় সংবিধানৰ ২৪৪(ক) অনুচ্ছেদৰ অধীন অসমৰ ভিতৰত এখন স্বায়ত্তৰাজ্য গঠনেই একমাত্ৰ গ্ৰহণযোগ্য সমাধান বুলি উল্লেখ কৰি শান্তিচুক্তিত কেতবোৰ দফা সংযোগ কৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বায়ত্তশাসনৰ ক্ষমতাক হেয় কৰাৰ লগতে দুয়োখন পাহাৰীয়া জিলাৰ জনজাতীয় লোকসকলৰ সাংবিধানিক সুৰক্ষাক নিশেষ কৰাৰ চেষ্টা চলোৱা বুলি মন্তব্য কৰে ৷
এনে পদক্ষেপ সংহিধানৰ ষষ্ঠ অনুসূচীৰ বিৰোধী বুলি মন্তব্য কৰি চুক্তিখনৰ ২’১, ২’২ ,২’৩, ২’৯ আৰু ২’১১ দফা গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে ৷ সেয়েহে আজিৰ সভাই আজিৰ এক প্ৰতিনিধিৰ দলে এই দফাসমূহ সন্দৰ্ভত বিশেষকৈ চুক্তিখনৰ ২’৩ নং দফা সন্দৰ্ভত বিস্তৃত আলোচনাৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনোৱাৰ সিদ্ধান্ত লোৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত মুখ্য কাৰ্যবাহীগৰাকীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত বিষয়টো আলোচনাৰ বাবে সৰ্বদলীয় প্ৰতিনিধি দল যোৱাৰ আহ্বান জনাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷