ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী পালন কৰা হয় ৷ এই উপলক্ষে আজি ডিফু আৱৰ্ত ভৱনৰ সন্মুখত থকা নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পনেৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ কাৰবি আংলং নেতাজী কনচাইন্স কো-অৰ্ডিনেছন ছ’চাইটিৰ সভাপতি পিণ্টু দত্তই পতাকা উত্তোলন কৰে ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত উপস্থিত থাকে নেতাজী কনচাইন্স কো অৰ্ডিনেছন ছ’চাইটিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত সেন, সম্পাদক ৰাজীৱ চক্ৰৱৰ্তী আৰু কাৰ্যকৰী সভাপতি গৌতম ৰয় আৰু ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ উপস্থিত থাকি ভাষণ প্ৰসংগত নেতাজীৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি নেতাজীৰ আদৰ্শেৰে অনুপ্ৰাণিত দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে ৷
আনহাতে ডিফু ফ’ৰেইন গুডছ বিক্ৰেতাসকলেও প্ৰতি বছৰৰ দৰে এইবছৰো ডিফু নগৰ আৰক্ষীৰ চকীৰ সমীপতো তদ্ৰুপ নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰে ৷ ৰঙ-বিৰঙী বেলুন ওলোমোৱাৰ লগতে নেতাজীৰ ১২৫ সংখ্যক জন্মদিৱসৰ লগত সংগতি কেক কাটি জন্ম জয়ন্তী উদযাপন কৰে ৷ উক্ত কাৰ্যসূচীত সমাজ কৰ্মী পিণ্টু দত্ত, বিশিষ্ট সাহিত্যিক ৰঞ্জিত সেন, গীতা বৰা আৰু গণ্যমান্য ব্যকিতিসকল উপস্থিত থাকি নেতাজীৰ প্ৰাতিকৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷