নিউজ ডেস্কঃ
দুটা টীকা লোৱাৰ পিছত যিসকল কৰোনাত আক্রান্ত হৈছে, তেওঁলোকে সতর্কতামূলক বুষ্টাৰ টীকা ল’বলৈ বিচাৰিলে নেগেটিভ ৰিপোর্ট অহাৰ ৩ মাহ পিছত পাৰিব। শনিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে এই বার্তা দিছে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলগুবোৰক।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্রধান বিকাশ শীলে প্ৰেৰণ কৰা পত্ৰত জনোৱা হৈছে, সাধাৰণ টীকাকৰণৰ ক্ষেত্রতো পূৰ্বৰ নিয়মে বাহাল থাকিব। অর্থাৎ, কৰোনা আক্রান্তসকলে সুস্থ হোৱাৰ ৩ মাহ পিছত টীকা ল’ব পাৰিবন। প্রথম টীকা লোৱাৰ পিছত কোভিড-১৯ আক্রান্ত হ’লেও দ্বিতীয় টীকাৰ বাবে সুস্থ হৈ উঠাৰ পিছত ৩ মাহ অপেক্ষা কৰিব লাগিব।