ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তি সন্দৰ্ভত ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ৱাৰলংকি দেৰা আৰু পদম’ টেৰণ নামৰ দুই সচেতন ন-যুৱকে যোৱা ১২ জানুৱাৰীৰ পৰা অৰ্নিদিষ্ঠ কাললৈ ডিফু চহৰৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মুখত অবস্থান ধৰ্ণাত বহি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। যুৱকদ্বয়ৰ প্ৰতিবাদৰ পিছতে বিষয়টোক লৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগৰ তৰফৰ পৰা এইক্ষেএত এখন তদন্ত সমিতি বহুৱা হ’ব বুলি বিভাগীয় কাৰ্য্যবাহী সদস্য মাধূৰ্য্য ডেকীয়াল ফুকনে সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছিল। এই লৈ আজি কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত কাৰ্যালয়ত আন্দোলনকাৰী প্ৰতিবাদকাৰী যুৱকসকলে এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত প্ৰতিবাদকাৰী যুৱকসকলে বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা তদন্ত সমিতিক আদৰণি জনাইছে ৷ উক্ত তদন্ত সমিতিৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি জানিব দিছে প্ৰতিবাদকাৰীসকলে ৷ উক্ত ঘটনাৰ তদন্তৰ প্ৰতিবেদন ১০ দিনত ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। অন্যথা ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখযোগ্য যে, ভূমি সংৰক্ষণ বিভাগত নিযুক্তিৰ অনিয়মৰ অভিযোগ তুলি দুই আৰ টি আই কৰ্মী ৱাৰলংকি দেৰা আৰু পদম টেৰণে অভিযোগ কৰা অনুসৰি ২০২০ চনত প্ৰকাশ হোৱা এক বিজ্ঞাপনৰ ভিত্তিত কাৰ্বি আংলং কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগৰ কনিষ্ঠ সহায়ক পদৰ সাক্ষাৎকাৰ অনুসৰি প্ৰথমে এজন প্ৰাৰ্থীৰ নিযুক্তি প্ৰদান কৰাৰ কিছুদিনৰ পিছতে একেটা পদতে পুনৰ আন এগৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়। একেটা পদতে দুজনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি এনে অনিয়মৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ দুয়োগৰাকীয়ে অনিৰ্দিষ্টকালীন ধৰ্ণাত বহিছিল ৷