ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ‘জীৱন প্ৰমাণ’ৰ ম’বাইল এপছৰ এখনি আলোচনা চক্ৰ সম্পন্ন হৈ যায় ৷ পেঞ্চন পোৱা ব্যক্তিসকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই এপছৰ জৰিয়তে পেঞ্চন লাভ কৰি থকা ব্যক্তিসকলে কেনেদৰে নিজৰ জীৱিত প্ৰমাণ-পত্ৰ আপলুড কৰিব সেই সম্পৰ্কে অৱগত কৰাৰ লগতে বিতংকৈ আলোচনা কৰা হয় ৷ আলোচনাচক্ৰত জিলা উপায়ুক্ত দিবাকৰ নাথ, অতিৰিক্ত উপায়ুক্ত এছ খান, গুৱাহাটীৰ এনআইটিৰ দল, বেংক বিষয়াৰ লগতে ভালে সংখ্যক পেঞ্চন লাভ কৰা ব্যক্তি উপস্থিত থাকে ৷
আলোচক্ৰৰ অন্তত জিলা উপায়ুক্তগৰাকীয়ে কয় যে, এতিয়াৰে পৰা এই এপছৰ জৰিয়তে পেঞ্চন লাভ কৰি থকা ব্যক্তিসকলে ঘৰত থাকিয়েই জীৱিত থকাৰ প্ৰমাণ-পত্ৰ বেংকত জমা দিব পাৰিব ৷ সংবাদ মাধ্যমক উপায়ুক্তগৰাকীয়ে অৱগত কৰা অনুসৰি কাৰবি আংলঙৰ প্ৰায় ৩,৯০০ পেঞ্চন লাভ কৰি থকা ব্যক্তি আছে ৷ এইসকল অৱসৰ প্ৰাপ্ত ব্যক্তিয়ে প্ৰতি বছৰৰ নৱেম্বৰ মাহত জীয়াই থকাৰ প্ৰমাণ-পত্ৰ বেংকত দাখিল কৰিব লাগে যদিও এতিয়াৰে পেঞ্চনাৰসকলৰ সুবিধাৰ্থে এই এপছৰ জৰিয়তে ডিজিটেল মাধ্যমেৰে ঘৰত থাকিয়েই জীৱিতৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব ৷
এই সুবিধা অহা মাহৰ পৰা এই সকলো ব্যৱস্থা ডিজিটেল কৰা হ’ব বুলি জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰাৰ লগতে জিলাখনৰ ১৬টা স্থানত এই সন্দৰ্ভত সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হ’ব বুলিও জানিব দিয়ে ৷