স্বাস্থ্য প্ৰতিবেদন:
বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক সমস্যাবোৰো বহু বেছি জটিল হৈ গৈ থাকে। কোলেষ্টেৰল, ডায়েবেটিছ, হৃদযন্ত্রৰ সমস্যাতো থাকেই। কিন্তু বয়স বাঢ়িলে সকলোতকৈ বেছি যি সমস্যাই মানুহৰ অৱস্থা বেহাল কৰে সেয়া হ’ল বিষ-বেদনা। স্বাভাৱিক জীৱন-যাপনক ব্যাহত কৰি তোলে এই অবাঞ্ছিত যন্ত্রণাই। কিন্তু কিছু কিছু বিষ আছে যিবোৰ বয়সকালীন উপসর্গ বুলি ভাবি এৰাই যাব নোৱাৰি।
পিঠিৰ যন্ত্রণা
বয়সৰ কাৰণে পিঠিৰ বিষ অতি সাধাৰণ এটি সমস্যা। হাড়ৰ ক্ষয় আৰু ঘনত্ব হ্রাস, পেশী আৰু লিগামেণ্টৰ স্থিতিস্থাপকতাৰ দৰে কেইবাটাও কাৰণত এই সমস্যা দেখা যায়। মূলত বয়স ৪০ অতিক্ৰম কৰাৰ পিছত এই ধৰণৰ সমস্যাবোৰে দেখা দিয়ে। অৱশ্যে নিয়মিত ব্যয়াম বা শৰীৰচর্চা কৰিলে বয়সজনিত এই বিষবোৰ সহজতেই প্রতিৰোধ কৰিব পাৰে। ইয়াৰ উপৰি ফিজিওথেৰাপি কৰিলেই বিষৰ পৰা উপশম পাব পাৰে।
আঁঠুৰ যন্ত্রণা
আঁঠুৰ বিষ মাৰাত্মক বেদনাদায়ক হয়। আনকি চলা-ফুৰাৰ শক্তিও দুর্বল কৰি দিয়ে এই যন্ত্রণাই। মূলত শৰীৰত অতিৰিক্ত ওজন, দুর্বল পেশী, আর্থ্রাইটিছ ইত্যাদি আঁঠুৰ বিষৰ কাৰণ হ’ব পাৰে। আঁঠুৰ সমস্যাৰ কিছু লক্ষণ আছে যিবোৰ দেখাৰ পূৰ্বেই সতর্ক হ’ব পাৰে। যেনে—
১। আঁঠুত ক্রমাগত যন্ত্রণা হোৱা
২। খোজকঢ়াৰ সময়ত আঁঠুত ভৰ দিয়াত অসুবিধা হোৱা।