ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা চাৰি ছেপ্তম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পাহাৰীয়া জিলা কাৰবি আংলঙৰ ছয়টাকৈ সহস্ৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে ৷ শান্তি স্বাক্ষৰিত হোৱাৰ পিছত জিলাখনত শান্তি চুক্তিৰ দফা ২.৩-কলৈ বিভিন্ন দল-সমগঠনে জিলাব্যাপি তীব্ৰ আন্দেলন অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ চুক্তি স্বাক্ষৰিত কৰাৰ পিছত চুত্তিখনৰ পাহাৰীয়া খিলঞ্জীয়া লোকৰ সাংবিধানিক অধিকাৰ চুক্তিখনৰ উল্লেখিত ২’৩ নং দফাটোৱে খৰ্ব কৰিব বুলি শংকিত হৈ পৰিছে একাংশ দল-সংগঠনে ৷ ইয়াৰে অংশ হিচাপে শেহতীয়াকৈ গঠন হোৱা জইণ্ট কো’অৰ্ডিনেছন কমিটি ফৰ প্ৰটেকছন অফ অট’নমি চমুকৈ “জেচিচিপিএ” শীৰ্ষক সংগঠনটোৰ উদ্যোগত উক্ত দাবীৰ সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
আজি ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যানত সংগঠনটোৰ ভালে সংখ্যক নেতা-কৰ্মী সমবেত হৈ চুক্তিখনৰ উক্ত দফা বাতিলৰ দাবী জনাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদকাৰী সকলে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সুৰক্ষাৰ লগতে শান্তি চুক্তিৰ ২’৩ নং দফা বাতিল কৰাৰ দাবীত বিভিন্ন শ্ল’গান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰাও পৰিলক্ষিত হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এএছডিচি দলৰ সভাপতি তথা জেচচিপিএৰ আহ্বায়ক চন্দ্ৰকান্ত তেৰাঙে সাংহাদিকৰ আগত কয় যে, শান্তি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত পাহাৰীয়া জিলাখনৰ সকলো দল-সংগঠনক আস্থাতলৈ আগবঢ়াৰ পৰামৰ্শ দিয়া হৈছিল যদিও জিলাখনৰ দল-সংগঠনসমূহক সম্পূৰ্ণ আন্ধাৰত ৰাখি এই চুক্তি সম্পাদন কৰা হ’ল বুলি অসন্তুষ্টি প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷
ইয়াৰোপৰি নেতাগৰাকীয়ে উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে মূল সূঁতিলৈ উভতি অহা কাৰ্যক আদৰণি জনাইছে ৷ শান্তি চুক্তিক উল্লেখযোগ্য যে, শান্তিচুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনসমূহে চুক্তি স্বাক্ষৰ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে জিলাখনৰ একাংশ দল-সংগঠনে চুক্তিখনৰ উক্ত দফাৰ বিৰোধিতা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷