ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সেউজীয়া কাৰবি আংলঙৰ বনাঞ্চল তহিলং কৰি একাংশ চোৰাংচোৱা সৰবৰাহকাৰীয়ে নিতৌ জিলাখনৰ মূল্যৱান কাঠসমূহ বহিঃৰাজ্যলৈ সৰবৰাহ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে যোৱা নিশা কাৰবি আংলঙৰ বকলীয়াঘাট বনবিভাগে বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে কাঠখিনিৰ সৰবৰাহৰ লগত জড়িত তিনিখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, বকলীয়াঘাট এলেকাৰ পৰা চোৰাং কাঠ সৰবৰাহৰ বাবে এটা অপৰাধী চক্ৰ তৎপৰ হৈ থকা গোপন সূত্ৰে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷
উক্ত তথ্যৰ ভিত্তিত বকলীয়াঘাটৰ বনবিভাগৰ নদাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ সহকাৰী বনবিষয়া হৰিনাথ ৰংহাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাৰবি আংলং -হোজাই সংযোগী তিনিটাকৈ স্থানত চোৰাং কাঠৰ সন্দানত খাপলৈ থাকে ৷ নিশা প্ৰায় ১০ মান বজাত হাতীপুৰাহৈ চোৰাং কাঠ সৰবৰাহ কৰি নি থকা অৱস্থীত বনকৰ্মীৰ দলেৰে চোৰাং কাঠ সৰবৰাহকাৰী দলেৰে মুখামুখি হোৱাত বনকৰ্মীৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৱে এন্ধাৰৰ সুযোগলৈ পলায়ন কৰে যদিও অভিযানকাৰী দলটো চোৰাং কাঠৰ ফাণ্টা ভৰ্তি এএছ ০১ বিচি ৫৬৮৮ নম্বৰৰ টাটা মোবাইলখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা ৭৭টা ফাণ্টাত কাঠৰ পৰিমান কমেও ৬০ চিএফটি বুলি অনুমান কৰা হৈছে ৷ জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় অৰ্দ্ধ লক্ষ্যাধিক টকা হব বুলি জানিব পৰা গৈছে ৷
আনহাতে কাঠচুৰি কাৰ্যত ব্যৱহৃত দুখনকৈ বাজাজ পালচাৰ বাইকো অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ জব্দ দুচকীয়া বাহন দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে, এএছ ০২ডি ৬৮১১ আৰু এএছ ০৯ বি ২৮৬৩ ৷