ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা কঠোৰ অভিযানকো নেওচি ড্ৰাগছ সৰবৰাহকাৰীয়েও ড্ৰাগছ সৰবৰাহ কৰাৰ মৰ সাহ কৰি আহিছে ৷ ড্ৰাগছ সৰবৰাহৰ প্ৰতিটো অপচেষ্টা আৰক্ষীয়ে ব্যৰ্থ কৰাৰ পিছতো থমকি ৰোৱা নাই বৰবিহ সদৃশ অবৈধ ড্ৰাগছৰ মাফিয়া চক্ৰ ৷ সোমবাৰে পুৱতি নিশা বোকাজানৰ খটখটী আৰক্ষীৰ গুলিত এটা ড্ৰাগছ সৰবৰাহকাৰী আহত হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে পুৱতি নিশা ১-৩০ মান বজাত এক গোপন সূত্ৰৰ ভিত্তিত খটখটী আৰক্ষী আৰু চিআকপি এফ জোৱানৰ দল আৰু সংগীয় ষ্টাফসহ খটখটী এছবিআই শাখাৰ ওচৰত নাকা তালাচী বহায় ৷ উক্ত তালাচী কালত
মণিপুৰৰ পৰা আহি থকা MZ 08 3546 পঞ্জীয়ন নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই ১১৫টা চাবোনৰ বাকচত প্ৰায় ১ কেজি ৬০০ গ্ৰাম নিষিদ্ধ হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ৷ ড্ৰাগছখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ২০ কোটি টকাৰ জানিব পৰা গৈছে ৷
নিষিদ্ধ হেৰইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতত জব্দ কৰা হৈছিল লগতে হেৰইনখিনি খিনিৰ সৰবৰাহকাৰী আমিৰ হুছেইন আৰু চালাও ৰহমানক আটক কৰিছিল আৰক্ষীয়ে ।
ড্ৰাগছখিনি বোকাজান আৰক্ষীৰ তালাচীসমূহ পাৰ কৰি দিয়াৰ পিছত বোকাজানৰ এক গোপন স্থানত ডেলিভাৰী দিয়াৰ কথা আছিল।
আৰক্ষীৰ সোধা-পোছাত সেই কথা স্বীকাৰ কৰিছিল দুই সৰবৰাহকাৰীয়ে আৰু আৰক্ষীক সেই স্থান দেখুৱাবলৈ নিওতেই সৰবৰাহকাৰী আমিৰ হুছেইনে নিজৰ শাৰীৰিক অসুবিধা পাইছে বুলি নামিবলৈ খুজিছিল আৰু আৰক্ষীয়ে আমিৰক নমাই দিয়াৰ লগে লগেই আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল। লগে লগে আৰক্ষীয়ে আমিৰলৈ ভৰিলৈ লক্ষ্য কৰি গুলি চালনা কৰে ৷ আহত আমিৰ হুছেইনক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷