ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিয়াগোম ‘ভূমি সংৰক্ষণ’ বিভাগতো কেতবোৰ পদৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছিল ৷ সেই মৰ্মে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ভূমি সংৰক্ষণ বিভাগৰ নিযুক্তিত অনিয়মৰ অভিযোগ তুলি আজিৰে পৰা জিলাখনৰ সদৰ চহৰ ডিফুত অনিৰ্দিষ্টকালীন ধৰ্ণাত অৱস্থান কৰিছে দুজন যুৱকে। আজি ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত ধৰ্ণা কাৰ্যসূচীৰ আৰম্ভ কৰা পদ্ম টেৰণ আৰু ৱাৰলংকি ডেৰা নামৰ যুৱক দুগৰাকীৰ অভিযোগ অনুসৰি ২০২০ চনত প্ৰকাশ হোৱা এক বিজ্ঞাপনৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ কনিষ্ট সহায়ক পদৰ সাক্ষাৎকাৰ অনুসৰি প্ৰথমে এজন প্ৰাৰ্থীৰ নিযুক্তি প্ৰদান কৰাৰ কিছুদিনৰ পিছতে একেটা পদতে পুনৰ আন এগৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়। একেটা পদতে দুজনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি এনে অনিয়মৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ ব্যৱস্থা কৰাৰ দাবীত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ বিধি নিয়ম মানি এই অনিৰ্দ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা বুলি প্ৰতিবাদ কাৰী যুৱকদ্বয়ে ব্যক্ত কৰে।
ইয়াৰোপৰি অনিয়মৰ মাজেৰে নিযুক্তি লাভ কৰা যুৱতী গৰাকী শীঘ্ৰে উক্ত পদৰ পৰা বৰ্খাস্থ কৰিবলৈ দাবী জনায় যুৱকদ্বয়ে ৷ যুৱকদ্বয়ে সাংবাদিকৰ আগত কয়যে, উক্ত নিযুক্তিৰ লগত জড়িত বিজ্ঞাপনটোৰ চৰ্ত আৰু নিয়মাৱালীত উক্ত পদটোৰ বাবে সংখ্য বৃদ্ধি বা হ্ৰাস কৰাৰ কোনো পূৰ্ব চৰ্ত নাছিল তেনে ক্ষেত্ৰত এই নিযুক্তি সম্পূৰ্ণ অনিয়মৰ মাজেৰে সংঘটিত হৈছে বুলি মন্তব্য কৰি উক্ত কাৰ্যৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে বুলি কয় যুৱকদ্বয়ে ৷