ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ ভাৰতৰ লগত সংগতি বুধবাৰে ডিফু চৰকাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় যুৱ দিৱস আৰু সপ্তাহ উদযাপন কৰা হয় ৷ এইলৈ নেহৰু যুৱ কেন্দ্ৰ ডিফুৰ উদ্যোগত আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগত মহাবিদ্যালয়খনৰ সন্মিলন কক্ষত এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙৰ পৌৰুহিত্যত মহাবিদ্যালয়খনৰ যুৱক-যুৱতীসকলকলৈ এখনি সভা অনুষ্ঠিত কৰা হয় ৷
সভাত নেহৰু যুৱ কেন্দ্ৰৰ একাউণ্ট এণ্ড প্ৰগ্ৰাম ছুপাৰভাইজাৰ পুতুল সিনহা, ডিফু মহাবিদ্যালয়ৰ অধ্যক্ষ্যা টাড’ তেৰাঙপী, মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ প্ৰধান অধ্যাপিকা মাছুৰিনা হুছেইনৰ লগতে কাৰবি আংলঙৰ আদৰ্শ পুৰুষ তথা এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙে নিজৰ ভাষণ প্ৰসংগত স্বামী বিবেকানন্দৰ জীৱনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নেহৰু যুৱ কেন্দ্ৰৰ একাউণ্ট এণ্ড প্ৰগ্ৰাম ছুপাৰভাইজাৰ পুতুল সিনহাই কয় যে, আজি ২২ জানুৱাৰী সমগ্ৰ দেশে স্বামী বিবেকানন্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰাৰ লগতে ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে যুৱ সপ্তাহ হিচাপে পালন কৰা হ’ব ৷ নেহৰু যুৱ কেন্দ্ৰই যুৱক-যুৱতীসকলক বিভিন্ন দিশ সাঙুৰি প্ৰশিক্ষিত কৰি তোলে ৷ ইয়াৰ ভিতৰত খেল, সাংস্কৃতিক দিশ, ভকেশ্যনেল ট্ৰেইনিং আদি প্ৰধান ৷
ইয়াৰোপৰি এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙে সাংবাদিকৰ আগত কয় যে, যুৱক-যুৱতীসকলে স্বামী বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’ব লাগে আৰু নেহৰু যুৱ কেন্দ্ৰসমূহলৈ আহি যুৱক-যুৱতীসকলৰ বাবে কেন্দ্ৰটোৱে প্ৰদান কৰা বিভিন্ন প্ৰশিক্ষণৰ সুবিধাসমূহ গ্ৰহণ কৰি উপকৃত হ’ব লাগে ৷
আনহাতে আজিৰ ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অনুষ্ঠিত কৰা সভাখনত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েও স্বামী বিবেকানন্দৰ জীৱন আদৰ্শৰ ওপৰত আলোকপীত কৰে ৷