ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাইলৈ জীৱনৰ ৮৫টা বছৰ গৰকিব পাহাৰ ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, বিশিষ্ট সাহিত্যিক কালজয়ী ‘ৰংমিলিৰ হাঁহি” উপন্যাসৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে ৷ নিভাজ সৰলতা, সু মিষ্ট কথা-বাৰ্তা আকৰ্ষণীয় খাদ্যশৈলীৰে অগণন গুণমুগ্ধক মোহৱিষ্ট কৰি অহা কথা শিল্পীগৰাকীৰ কাইলৈ ওপজা দিনটোক লৈ গুণমুগ্ধসকলৰ মাজত ব্যাপক উৎসাৎ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ ৮৫ সংখ্যক জন্ম দিৱসৰ প্ৰাকক্ষণত জিলাখনৰ ৭৩ গৰাকী কবিৰ একত্ৰ এখনি কবিতা সংকলনেৰে সাহিত্যিকগৰাকীৰ জিলাখনলৈ সাহিত্যনুৰাগীসকলৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰে ৷
উল্লেখযোগ্য যে, সাহিত্যিকগৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা কৃষি সন্মিলনীৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা “সমন্বয়ৰ ৰং, তুমি ৰংবং” শীৰ্ষক এখনি কাব্যগ্ৰন্থৰ শুভ উন্মোচন কৰা হয় ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ নিজা বাসভৱন ‘শিল ভিউ কটেজ’ত আজি এক অন্তৰঙ্গ পৰিৱেশত গ্ৰন্থখনি শুভ উন্মোচন কৰে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপক অনৃমলেশ ভাৱেলে৷ কাব্যগ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত অধ্যাপক অমলেশ ভাৱেলে বিশিষ্ট সাহিত্যিকগৰাকীৰ জীৱনশৈলী আৰু কৰ্মৰাজিৰ ভূয়সী প্ৰশংসা কৰি ৰংমিলিৰ হাঁহিৰ স্ৰষ্টাগৰাকীৰ জীৱন, দৰ্শন, ব্যক্তিগত আচৰণ সকলোতে এক কাব্যগুণ নিহিত হৈ আছে ৷ ভালেসংখ্যক অনুৰাগীৰ উপস্থিতিত গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি পদ্মশ্ৰী ৰংব্ তেৰাঙে ভাষণ প্ৰসংগত কয় যে তেওঁৰ জন্মদিনক কেন্দ্ৰ কৰি কাৰবি আংলঙৰ কবি কুলৰ এনে উচ্ছাহ প্ৰত্যক্ষ কৰি আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে পাহাৰীয়া জিলাখনৰ কবি সকলক উচ্চ প্ৰশংসা কৰে ৷ মানুহৰ হাঁহিৰ মাজত লুকাই থকা চকুলো কেৱল কবিসকলেহে প্ৰত্যক্ষ কৰিব পাৰে বুলি বিশিষ্ট সাহিত্যকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ কাব্য সংকলনটিৰ সম্পাদনা কবি ভৱ প্ৰসাদ দেউৰীৰ ৷
প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে কাইলৈ ১৩ জানুৱাৰীত বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱসৰ দিনা ৰংবং তেৰাঙ সমন্বয় বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷