স্বাস্থ্য প্ৰতিবেদন:
সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷ অনিয়ন্ত্ৰিতভাৱে কণী গ্ৰহণ কৰিলে হ’ব ডিচলিপিডেমিয়া, মেদবহুলতা, সন্তানহীনতা, ভৰিৰ বিষ আদি বিকাৰ৷
কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমী আদি দেখা যায়৷ তেনে লোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক৷
কিন্তু চালমোনেলা বেক্টেৰিয়াৰ অপকাৰিতা কি?
চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়াৰ স্বাভাৱিক বসতিস্থল হ’ল সকলো চৰাইৰে পাক প্ৰণালী৷ চৰাইৰ কণীৰ ভিতৰত এইবিধ বেক্টেৰিয়া থাকে৷ কণী ফ্ৰিজত নথলে উষ্ণ বতৰত কণীৰ ভিতৰত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰে৷
কিন্তু সিজালে বেক্টেৰিয়া সমুলঞ্চে নষ্ট হয় আৰু কণী খোৱাৰ বাবে এশ শতাংশ নিৰাপদ হৈ পৰে৷ চালমোনেলা এন্টাৰাইটিডিচত আক্ৰান্ত হ’লে ৰোগীৰ হাগনি, জ্বৰ, বমি আৰু পেটৰ বিষ হয়৷ ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া অৱস্থা হয়৷ শিশু আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত ৰোগৰ লক্ষ্যণ সাধাৰণতে গুৰুতৰ হৈ দেখা দিয়ে৷
কণী কেনেকৈ চালমোনেলাৰ দ্বাৰা প্ৰদূষিত হয়?
প্ৰথমতে চৰাইজনীৰ (হাঁহ বা কুকুৰা) বিষ্ঠা যদি কণীৰ খোলাত লাগে৷ কণীৰ খোলাত কেনেবাকৈ ফাঁক থাকিলে বেক্টেৰিয়াই কণীৰ ভিতৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আৰু বৃদ্ধি পায়৷ আকৌ তেনে দূষিত কণী স্পৰ্শ কৰা হাতেৰে খাদ্য পৰিবেশন কৰিলে মানুহৰ শৰীৰত চালমোনেলাৰ প্ৰৱেশ ঘটে৷ দ্বীতিয়তে বিজ্ঞানীসকলৰ এটা কথাত দ্বিমত নাই যে চৰাইৰ পেটত কণীৰ খোলাটো সৃষ্টি হোৱাৰ আগতেই চালমোনেলাই কণীৰ অন্তৰ্ভাগত থিতাপি ল’ব পাৰে৷ গতিকেই মানুহে কেঁচা বা আধা সিজা কণী ভক্ষণ কৰিব নালাগে৷
বিঃদ্ৰঃ প্ৰয়াত চিকিৎসক ডাঃ ভূপেন শইকীয়াৰ ফেচবুক পোষ্টৰ পৰা সংগৃহীত৷