ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী চুতিয়ানলাৰ ডিক্ৰেংলাংচত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি তিনিমান বজাত ডিফুৰ চুতিয়ানলাৰ সমীপৱৰ্তী ডিক্ৰেংলাংচ নেপালী বস্তিত সূৰ্যবাহাদুৰ প্ৰধানৰ বাসগৃহত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ অগ্নি সংযোগ হয় ৷ জুইৰ লেলিহান শিখাই সূৰ্য বাহাদুৰ ৰায়ৰ বাসগৃহটো সম্পূৰ্ণভাৱে গ্ৰাস কৰাৰ লগতে পাকঘৰটো জ্বলি ভস্মীভূত হয় ৷ উক্ত অগ্নিকাণ্ডত তিনিটাকৈ চিলিণ্ডাৰ বিষ্ফোৰণ হোৱাৰ ফলত জুইৰ প্ৰকোপ অধিক বৃদ্ধি পায় ৷
আনহাতে উক্ত অগ্নিকাণ্ডত দুটা লেপটপ, টিভি, ফ্ৰিজ, ব্যক্তিগত নথিপত্ৰৰ লগতে সূৰ্যবাহাদুৰ প্ৰধানৰ পুত্ৰ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ তৃতীয় ছেমিষ্টাৰৰ ছাত্ৰ অমৰ বাহাদুৰ প্ৰধানৰ যাৱতীয় নথি-পত্ৰ, গোঁহালি আৰু অট’ ৰিক্সাও জ্বলি যায় ৷ জানিব পৰা মতে উক্ত অগ্নিকাণ্ডত প্ৰায় ১০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি নষ্ট হৈ যায় ৷ অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰকে ডিফুৰ পৰা যোৱা দুটা অগ্নিনিৰ্বাপক বাহিনীৰ বাহৰ জৰিয়তে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে ৷