ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শনিবাৰে কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় প্ৰথম মহাবিদ্যালয় সপ্তাহ উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পুৱাৰ ভাগতে মহাবিদ্যালয়খনৰ চৌহদৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰা বাহিৰ কৰা হয়, সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীপক কুমাৰ বৰাই কয় যে, আজিৰ দিনটো দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ বাবে এক ঐতিহাসিক দিন ৷ মহাবিদ্যালয় প্ৰথম মহাবিদ্যালয় সপ্তাহ হিচাপে উদযাপন কৰিবলৈ পাই তেওঁ গৌৰাৱন্বিত ৷ মহাবিদ্যালয়খনে অসমৰ ভিতৰতে এখন উজ্জল মহাবিদ্যালয় হিচাপে গঢ়ি উঠে তাৰ বাবে প্ৰয়াস কৰি থকা হৈছে ৷ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত কাৰবি নৃত্য, বিহু নৃত্য, নেপালী আৰু আদিবাসী নৃত্যকে ধৰি বিভিন্ন জাতিগোষ্ঠীৰ নৃত্যৰে সাংস্কৃতিক শোভাযাত্ৰাক সাফল্যমণ্ডিত কৰা হয় ৷
লগতে উক্ত শোভাযাত্ৰাৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰত পাহাৰ ভৈয়ামৰ সাংস্কৃতিক ‘সমন্বয়’ প্ৰতীক হিচাপে প্ৰতিফলিত কৰা হৈছে বুলিও মন্তব্য কৰে ৷