ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজান মহকুমাৰ খটখটিত আৰক্ষীয়ে দুজন লোকৰ পৰা জব্দ কৰিছে তিনিটাকৈ সোণৰ বিস্কুট।
বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আজি চলিছিল উক্ত অভিযান।
খটখটি আৰক্ষী চকীৰ অন্তৰ্গত SBI শাখাৰ সন্মুখত বহুৱা নাকাতালাচীত এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে তিনিটাকৈ সোণৰ বিস্কুট।
AS-01-AC-8977 নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় 497.82 গ্ৰাম ওজনৰ তিনিটা সোণৰ বিস্কুট।
লগতে আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত এগৰাকী মহিলাসহ দুজনক সৰবৰাহ কাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে।
খটখটি আৰক্ষীয়ে সোণ সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ Indu bala Tongrang আৰু Ramesh Salamক আটক কৰিছে বুলি জানিব পৰা গৈছে।
অধিক তথ্যৰ বাবে খটখটি আৰক্ষীয়ে আটকাধীন দুয়োকে জেৰা অব্যাহত ৰাখিছে।