![]()
স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাৰ সময়ত নহৰু খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। সংক্রমণৰ পৰা হাত সাৰিবলৈ নহৰুৰ সৈতে মৌ-আদাৰ ৰস মিহলাই খাব পাৰে। নহৰু খালে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু বহু বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে।
নহৰুত এন্টি-অক্সিডেন্ট, এন্টি-ফাঙ্গাল, এন্টি-ভাইৰেলযুক্ত ঔষধি উপাদান আছে। নহৰু খালে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে আৰু বহু ধৰণৰ সংক্রমণৰ পৰা ৰক্ষা পোৱা যায়।
নহৰুই এইবোৰ ৰোগৰ পৰা ৰক্ষা কৰে :
১. হার্টৰ অসুখ
পুৱা খালী পেটত নহৰু খালে কোলেষ্টেৰল হ্রাস পায় আৰু হৃদপিণ্ড সুস্থ থাকে।
২. শ্বাস-প্রশ্বাস ৰোগ
শ্বাসকষ্টৰ ৰোগীয়ে নহৰুৰ এটি কোহ গৰম কৰি নিমখেৰে খোৱা উচিত।
৩. পেটৰ ৰোগ
পেটৰ সমস্যাত হয় নহৰু খাব পাৰে। ইয়াৰ বাবে নহৰু খুব উপকাৰী।
৪. গেছ বা এচিডিটি
আপোনাৰ যদি গেছ আৰু এচিডিটিৰ সমস্যা হয় তেন্তে খোৱাৰ আগতে অলপ ঘিউত ১-২ কোহ নহৰু, জালুক আৰু ক’লা নিমখ দি খাওক।
৫. দাঁতৰ বিষ
দাঁতৰ বিষত নহৰু পিহি লগাওক। আৰাম পাব।













